হোজাই জিলা কৰ্তনত ৰাইজ আৰু চৰকাৰৰ মাজত সোমোৱাৰ প্ৰয়োজন নাই আমছু আৰু এআইইউডিএফৰ।
সংবাদ মাধ্যমৰ সন্মুখত আমছু আৰু এআইইউডিএফক স্পষ্ট সকিয়নী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ।
হোজাই জিলা গঠনতো এই দুই দলে কোনো ভূমিকা গ্ৰহণ কৰা নাছিল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।
আনহাতে ভৱিষ্যতে অসমৰ কোনো কথাতে আমছু, এআইইউডিএফে মাত মাতিব নালাগে বুলিও সকিয়াই দিলে মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে, নৱবৰ্ষৰ পহিলা দিনটোতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল ৪ জিলা কৰ্তনৰ বিষয়ে।
চৰকাৰে জিলাৰ মৰ্যাদা প্ৰদান কৰা হোজাই, তামুলপুৰ, বজালী আৰু বিশ্বনাথক পুনৰ পূৰ্বৰ জিলাৰ সৈতে সংলগ্ন কৰাৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে।
চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া এই ৪ জিলাত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজনৈতিক আৰু আঞ্চলিক দল-সংগঠনে।
হোজাই জিলাতো এআইইউডিএফ আৰু আমছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছিল।
