ষ্টাফৰিপৰ্টাৰ ১, জুন:: ২০১০ চনতে আত্মপ্রকাশ কৰা ৱেব প্রকল্প ‘এনাজৰী ডট কম’ (enajori.com) ৰ নৱতম্ সংযোজন হিচাপে প্রস্তুত কৰি তোলা অসমীয়া ভাষাত উপলব্ধ এক চিনে ৱেব পর্টেল- ‘চিনেকথা ডট কম’ (cinekatha.com) পহিলা জুনৰ পৰা আনুষ্ঠানিকভাৱে চিনেপ্রেমীসকললৈ মুকলি কৰি দিয়া হৈছে। ইন্টাৰনেট মাধ্যমত সহজতে পাব পৰাকৈ তথ্য সুলভ হৈ পৰিলেও অসমীয়া ভাষাত একমাত্র চিনেমা-ৱেব ছিৰিজ বিষয়ক ৱেব পর্টেল এটিৰ দীর্ঘদিনীয়া অভাৱ পূৰণ কৰিলে চিনেকথাই। অসমীয়া ভাষাত চিনেমা বিষয়ক তথ্যৰ সমল বৃদ্ধি আৰু গুৰুত্বপূর্ণ লেখাসমূহৰ ডিজিটেল সংৰক্ষণকে মূল উদ্দেশ্য হিচাপে নির্ধাৰণ কৰি অসমীয়া চিনেমাৰ সোণালী ইতিহাস, ভাৰতীয় বিভিন্ন আঞ্চলিক ভাষাৰ চিনেমা তথা বিশ্বৰ বিভিন্ন প্রান্তৰ চিনেমাৰ ইতিহাসৰ পৰা শেহতীয়ালৈ তথ্য আৰু পর্যালোচনামূলক লেখাৰে পর্টেলটি সমৃদ্ধ হ’ব। ইয়াৰ লগতে চিনেমাৰ বিভিন্ন ক্ষেত্রৰ প্রখ্যাত-অভিজ্ঞ লোকৰ চিনেমাৰ বিভিন্ন কাৰিকৰী বিষয়সমূহৰ ওপৰত গভীৰ আলোকপাত, ব্যৱহাৰিক দিশৰ অভিজ্ঞতাপূর্ণ লেখা তথা সাক্ষাৎকাৰো চিনেকথাত থাকিব বুলি জনাইছে চিনেকথা টীমৰ সদস্যসকলে। চিনেকথাৰ আন এটা মন কৰিবলগীয়া দিশ যে, চিনেকথাত বর্তমান সময়ত চর্চাত থকা মনোৰঞ্জনৰ জনপ্রিয় মাধ্যম ৱেব ছিৰিজসমূহকো ঠাই দিয়া হৈছে। এই ক্ষেত্রত ছিৰিজসমূহৰ সম্যক আভাষ আৰু সমালোচনাই ছিৰিজসমূহ চোৱাৰ আগত সাধাৰণ দর্শকক উপকৃত কৰিব বুলি মত পোষণ কৰিব পাৰি। উল্লেখ্য চিনেকথাৰ লগত নিয়মিত সংস্পর্শত থাকিবলৈ ফেচবুক, ইনষ্টাগ্রাম, টুইটাৰ সকলোতে অফিচিয়েল পেজ সৃষ্টি কৰাৰ লগতে চিনেকথালৈ ইমেইল যোগে লেখা পঠিয়াবলৈ hello@cinekatha.com ত যোগাযোগ কৰিবলৈ টীম চিনেকথাৰ প্ৰতিষ্ঠাপক হিমজ্যোতি তালুকদাৰে এক বিবৃতি যোগে
আহ্বান জনোৱাৰ লগতে এই বিশেষ প্রয়াসত সকলোৰে সহযোগিতা আন্তৰিকভাৱে কামনা কৰিছে।”
