ষ্টাফৰিপৰ্টাৰ, অসম সন্তান আন্তজাৰ্তিক খ্যাতিসম্পন্ন যশস্বী অভিনেতা আদিল হুছেইনে এই বৰ্ষৰ একাদশ লণ্ডন ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত বটাঁৰে সন্মানিত হৈ ৰাজ্যৰ লগতে দেশলৈ সন্মান কঢ়িয়াইছে । তেওঁ বাগৰি ফাউণ্ডেচন আৰু ব্ৰিটিছ ফিল্ম ইনষ্টিটিউটৰ দ্বাৰা সমৰ্থিত একাদশ লণ্ডন ভাৰতীয় চলচ্চিত্ৰ মহৎসৱত কৰ্মক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ বাবে এই বটাঁ লাভ কৰে ৷ চলিত বৰ্ষৰ এই অনুষ্ঠানত একেটা শিতানত সন্মানিত হোৱা আন অভিনেতাসকল হৈছে ফ্ৰিডা পিন্টো আৰু বিদ্যা বালন ৷ আনহাতে আইকন এছিভমেন্ট বটাঁৰে বিভূষিত কৰা হৈছে যশস্বী অভিনেত্ৰী তথা পৰিচালিকা দীপা মেহতা আৰু শ্বাবানা আজমী ৷ পাকিস্তানী চিত্ৰ নিৰ্মাতা ছাইম ছাদিকৰ “ডাৰ্লিং” শীৰ্ষক চুটি ছবিখনে শ্ৰেষ্ঠ চুটি ছবিৰ সত্যজিত ৰায় বটাঁ লাভ কৰে ৷
Latest article
প্ৰচণ্ড বৰষুণৰ মাজতো গুৱাহাটীবাসীক আপ্লুত কৰিলে জে কে টায়াৰে আয়োজন কৰা ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলে
হঠাতে হোৱা ধুমুহা-বৰষুণক নেওচি জে কে টায়াৰে আইআইটি গুৱাহাটী চৌহদত আয়োজন কৰা ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলে মটৰস্পৰ্টৰ আকৰ্ষণীয় ৰূপ আৰু যুৱ শক্তিৰ এক ৰোমাঞ্চকৰ মিশ্ৰণেৰে...
বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত ৰোহিত-কোহলী শীৰ্ষ শ্ৰেণীত স্থান
ভাৰতৰ টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটছমেন বিৰাট কোহলীক সোমবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) প্ৰকাশ কৰা চুক্তিবদ্ধ খেলুৱৈৰ তালিকাৰ...
২২ এপ্ৰিলত লক্ষ্ণৌ চুপাৰ জায়াণ্টছৰে মুখামুখি দিল্লী কেপিটেলছৰ
দিল্লী কেপিটেলছে মঙলবাৰে ইয়াত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) লক্ষ্ণৌ চুপাৰ জায়াণ্টছৰ সৈতে মুখামুখি হ'ব। এই খেলখনত দিল্লীয়ে আশা কৰিব যে তেওঁলোকৰ প্ৰাৰম্ভিক...