অসমতে এলাগী অসমীয়া ভাষা! APSC পৰীক্ষাৰ পৰা আতঁৰিল ভাষা কাকত

126

অসমতে এলাগী হল অসমীয়া ভাষা! অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষাৰ পৰা ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্নকাকত বাতিল কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তত এইবাৰ মোহৰ মাৰি অসমত অসমীয়া ভাষাক এলাগী কৰিলে উচ্চ ন্যায়ালয়ে।

ভাষা ভিত্তিক প্ৰশ্নকাকত সংক্ৰান্তীয় গোচৰৰ শুকুৰবাৰে শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ খণ্ড বিচৰপীঠে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ ভিত্তিত এপিএছচিৰ ২০২২ বৰ্ষৰ সংযুক্ত পৰীক্ষাৰ মূল পৰীক্ষা ভাষা বিষয়ক প্ৰশ্নকাকত অবিহনেই অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ঘোষণা কৰে।

আনহাতে ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত কেৱল অসমীয়াই নহয়, বড়ো আৰু বঙালী ভাষাৰ পৰীক্ষাতো অৱতীৰ্ণ হ’ব নালাগে পৰীক্ষাৰ্থী।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ কথা মনত ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলি যুক্তি দেখুৱাইছিল মুখ্যমন্ত্ৰী শৰ্মাই।