অসমত স্থাপন কৰা হ’ব ৫ খন সৈনিক স্কুলঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু

132

পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপ (পিপিপি) মোডত শীঘ্ৰেই অসমত স্থাপন কৰা হ’ব পাঁচখন সৈনিক বিদ্যালয়।

এই কথা বুধবাৰে ঘোষণা কৰে অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। পেগুৱে লগতে কয় যে ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

সংবাদ মাধ্যমক সম্বোধন কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে সমগ্ৰ ভাৰততে মুঠ ৩৩ খন সৈনিক বিদ্যালয় আছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে পিপিপি মোডত সৈনিক বিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰিছে। ইয়াৰ লগে লগে আমি আমাৰ ৰাজ্যত পাঁচখন সৈনিক স্কুল স্থাপন কৰাৰ সিদ্ধান্ত লৈছো।”

তেওঁ লগতে কয়, “এতিয়ালৈকে বিদ্যালয়সমূহ স্থাপনৰ বাবে মাটি আবণ্টন দিয়া হৈছে আৰু অন্যান্য আনুষ্ঠানিক প্ৰক্ৰিয়া চলি আছে।”

বিদ্যালয়সমূহ স্থাপন কৰা হ’বলগীয়া পাঁচটা স্থান হ’ল- শিলচৰ, কোকৰাঝাৰ, গোলাঘাট, কাৰ্বি আংলং আৰু ধেমাজি।