ভাৰতীয় বায়ু সেনাই দেওবাৰে বানত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য সামগ্ৰী প্ৰদান কৰাৰ বাবে এয়াৰলিফ্ট উদ্ধাৰকাৰী দলৰ সহায়ত অসমৰ বানপীড়িত অঞ্চলসমূহত সাহায্যৰ কাম অব্যাহত ৰাখিছে।
টুইটাৰযোগে আইএএফে লিখিছে, “অসমত বানপানীৰ ফলত বিচ্ছিন্ন হোৱা অঞ্চলসমূহলৈ নাগৰিকসকলক স্থানান্তৰ কৰা আৰু উদ্ধাৰকাৰী দল আৰু সাহায্য সামগ্ৰী বিমানেৰে নিয়াৰ প্ৰচেষ্টা অব্যাহত আছে। ভাৰতীয় বায়ু সেনাই এই কামৰ বাবে ইয়াৰ পৰিবহন বিমান আৰু হেলিকপ্টাৰ মোতায়েন কৰিছে।”
শনিবাৰে বায়ু সেনাৰ দ্বাৰা দুখন এমআই-১৭ হেলিকপ্টাৰ আৰু চিনুক হেলিকপ্টাৰ, এএন-৩২ পৰিবহন বিমান আৰু এএলএইচ ধ্ৰুৱৰ এখনকৈ হেলিকপ্টাৰ মোতায়েন কৰা হৈছিল। দিতোকচেৰা ৰেল ষ্টেচনত আৱদ্ধ হৈ থকা প্ৰায় ১১৯ জন যাত্ৰীক স্থানান্তৰ কৰা হৈছিল।
ৰাজ্য চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি থকা অৱস্থাত বানপীড়িত অঞ্চলসমূহত মুঠ ২০ জন ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এনডিআৰএফ) কৰ্মচাৰী নিযুক্তি লাভ কৰিছে বুলি এএনআইয়ে জানিবলৈ দিয়ে।
বিষয়াসকলৰ মতে, ভাৰতীয় সেনা, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ), এনডিআৰএফৰ সহায়ত এতিয়ালৈকে ২৪,৭৪৯ জন আৱদ্ধ লোকক উদ্ধাৰ কৰা হৈছে।
এন ডি আৰ এফৰ পৰিদৰ্শক মহিপ মৌৰ্যই জানিবলৈ দিয়ে যে উদ্ধাৰ অভিযানৰ বাবে নিয়োজিত দলসমূহে হোজাই জিলাৰ বানপীড়িত গাওঁসমূহৰ পৰা প্ৰায় ৫০০ জন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
