অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ আৰম্ভণি

146

২৯ জানুৱাৰী অৰ্থাৎ শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰী বটদ্ৰৱা থানত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ। উল্লেখ্য যে, অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱখনিৰ অহা ৩১ জানুৱাৰীত অন্ত পৰিব।

মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত আৰু শ্রীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱলৈ কেইবাহাজৰ লোকৰ সমাগম হব বুলি আশা প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে।