অসমত পুনৰ ২৩৮ জন কোভিড পজিটিভ, ৫ জনৰ মৃত্যু

91

গুৱাহাটীঃ যোৱা ২৪ ঘণ্টাত অসমত পুনৰ ২৩৮ জন লোক নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হয়। এই সময়ছোৱাত ৰাজ্যখনত কোভিডৰ ফলত ৫ জন লোকে প্ৰাণ হেৰুৱায়।

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ মতে, অসমত বৰ্তমান ১৭৫৬ জন কোভিড আক্ৰান্তৰ চিকিৎসা চলি আছে। ৰাজ্যত বৰ্তমানলৈকে কোভিডত আক্ৰান্তৰ সংখ্যা হৈছে ৬,১৫,২৯১ জন। শনিবাৰে ৰাজ্যৰ পজিটিভ সংক্ৰমণৰ হাৰ ০.৬৪ শতাংশ।

আনহাতে যোৱা ২৪ ঘণ্টাত অসমত ১৮৪ জন কোভিড ৰোগী সুস্থ হৈ উঠে। যাৰ পিছত আৰোগ্য লাভৰ মুঠ সংখ্যা ৬,৬,১১৭ জনলৈ বৃদ্ধি পাইছে। আৰোগ্যৰ হাৰ হৈছে ৯৮.৫১ শতাংশ।

অসমত বৰ্তমানলৈকে ৬,০৭১ জন লোকৰ কোভিডৰ ফলত মৃত্যু ঘটিছে। মৃত্যুৰ হাৰ হৈছে ০.৯৯ শতাংশ।