অসমত পুনৰ লকডাউন নহয়: স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

106

অসমত পুনৰ লকডাউন দিয়া নহয়। সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক্ৰমাগতভাৱে বৃদ্ধি পোৱা কোৰোনাৰ দ্বিতীয় সংক্ৰমণৰ বাবে মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশৰ দৰে অসমতো লকডাউন হব নেকি? এই লৈ আশংকা বৃদ্ধি পোৱাৰ সময়তে অসমত লকডাউন নহয় বুলি মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত কোৰোনাৰ সংক্ৰমণ নাই বুলি মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসমত পুনৰ নহয় লকডাউন

এইবাৰ পণ্ড নহয় বিহু, ঈদ

কোৰোনা নাই যেতিয়া লকডাউনৰ প্ৰশ্নই নুঠে

সাংবাদিকৰ প্ৰশ্নত এই মন্তব্য কৰিছে ড০ শৰ্মাই

উল্লেখ্য যে, বুধবাৰৰ দিনটোত অসমত ৫২ জনকৈ লোক কোৰোনাত আক্ৰান্ত হৈছে। কোৰোনাৰ এই সংক্ৰমণে ইতিমধ্যে আতংকৰ সৃষ্টি কৰিছে কেইবাখনো ৰাজ্যত। মধ্য প্ৰদেশৰ ভূপাল, ইন্দোৰ, জবলপুৰকে ধৰি ৮ খন চহৰত ইতিমধ্যে এদিনীয়া লকডাউন ঘোষণা কৰিছে চৰকাৰে। বিগত বৰ্ষৰ দৰে কোৰোনাই এইবাৰো বিহু আৰু ঈদৰ উছাহ ম্লান পেলাব বুলি আশংকা বৃদ্ধি পাইছিল। তাৰ মাজতে ভাল খবৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।