অসমত ছাত্ৰনেতাৰ আন এক কলংকিত অধ্যায়। ছাত্ৰনেতাৰ বাবেই মহানগৰীত ছাত্ৰীৰ অকাল মৃত্যু। কলংকিত ছাত্ৰনেতাজন প্ৰফুল্ল কছাৰী। বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীক গোপনে বিয়া পাতিছিল প্ৰফুল্লই। প্ৰফুল্ল পূৰ্বে বিৱাহিত বুলি জনোৱা হোৱা নাছিল ছাত্ৰীগৰাকীক। বিয়াৰ পিছতে পোহৰলৈ আহিল প্ৰফুল্ল কছাৰীৰ মিথ্যাচাৰ। প্ৰফুল্লৰ মিথ্যাচাৰ গম পাই অকাল মৃত্যুক সাবটিলে ছাত্ৰীগৰাকীয়ে। মৃত ছাত্ৰীগৰাকীৰ ঘৰ ধেমাজিৰ গোগামুখত। পূৰ্বে সোণোৱাল কছাৰী ছাত্ৰসন্থাৰে জড়িত প্ৰফুল্লক সংগঠনটোৰ পৰা বহিস্কাৰ কৰা হৈছিল৷