অসমত চাৰি বাংলাদেশীক চিনাক্ত

94

কৰিমগঞ্জ ছেক্টৰে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰা চাৰি বাংলাদেশীক চিনাক্ত
শেহতীয়াকৈ ভাৰত-বাংলাদেশ সীমান্তৰ কৰিমগঞ্জ ছেক্টৰেৰে অসম তথা ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাই থকা অৱস্থাতে চাৰি বাংলাদেশী নাগৰিকক বাধা প্ৰদান কৰে আৰক্ষীয়ে । উল্লেখ্য যে, এই বাংলাদেশী কেইজনক চিনাক্ত কৰাৰ পাছতে আৰক্ষীয়ে তৎক্ষণাত পদক্ষেপ গ্ৰহণ কৰি এই চাৰিজন বাংলাদেশী নাগৰিকক অনুপ্ৰৱেশ কৰাত বাধা প্ৰদান কৰে । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।