অসমত অতিশীঘ্ৰেই আৰম্ভ হ’ব ছি-প্লেন

811

অসম আৰু উমৰাংচুৰ মাজত অতিশীঘ্ৰে আৰম্ভ হ’ব ‘ছি প্লেন’ অৰ্থাৎ সামুদ্ৰিক উৰাজাহাজ সেৱা। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে অসমকে ধৰি দেশৰ কেইবাটাও নিৰ্বাচিত পথ এই সেৱা আৰম্ভ কৰা বাবে প্ৰস্তুতি চলাই আছে বুলি জানিব দিয়ে কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মান্দভিয়াই। উল্লেখযোগ্য যে মন্ত্ৰালয়ৰ অধীনস্থ সাগৰমালা উন্নয়ন কোম্পানী লিমিটেডে ছি প্লেন সেৱাৰ সমগ্ৰ ব্যৱস্থাটো চোৱাচিতা কৰিব।

উল্লেখ্য, অসমৰ গুৱাহাটী আৰু উমৰাংচুৰ মাজত এই সেৱা আৰম্ভ হ’লে ৩৫ মিনিটৰ ভিতৰতে দুয়ো ঠাইৰ মাজৰ যাতায়াতৰ সম্পৰ্ক স্থাপন হ’ব। ইতিমধ্যে গুজৰাটৰ কোৱাডিয়া আৰু সবৰমতীঘাটলৈ এই ছি প্লেন সেৱা আৰম্ভ কৰা হৈছে। যিটো ভাৰতৰ প্ৰথমটো ছি প্লেন আৰু প্ৰধানমন্ত্ৰী মোডীয়ে যোৱা ৩১ অক্টোবৰত উক্ত সেৱাৰ শুভাৰম্ভ কৰিছিল। অসমত গুৱাহাটী-উমৰাংচুৰ উপৰিও মাজুলী আৰু কাজিৰঙাৰ মাজতো এই সেৱা স্থাপন কৰিব বুলি জানিব পৰা গৈছে।