অসম মাধ্যমত শিক্ষা লাভ কৰিও NEETত উজ্বলিল অনন্যা মেধি…

329

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই আজি ঘোষণা কৰা NEET UG, 2022 ত অসমৰ কন্যা অনন্যা মেধিয়ে ছাত্ৰীৰ ভিতৰত উত্তৰ-পূব অঞ্চলত প্ৰথম স্থান লাভ কৰিছে।

অনন্যাই অল ইণ্ডিয়া ৰেংক (AIR) ২০৫ লাভ কৰি উত্তৰ-পূবৰ ছাত্ৰীৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে। ৭২০ৰ ভিতৰত ৬৯৪ নম্বৰ লাভ কৰে অনন্যাই।

গুৱাহাটীৰ নুনমাটি অঞ্চলৰ অসম জাতীয় বিদ্যালয়ৰ পৰা অসমীয়া মাধ্যমত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল অনন্যাই৷ বিদ্যালয়খনৰ অধ্যক্ষ ঘনাশ্যাম মেধিৰ কন্যা অনন্যাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে নৱম স্থান লাভ কৰিছিল।

১৭ জুলাইত অনুষ্ঠিত হোৱা NEET UG 2022 ৰ পৰীক্ষাত মুঠ ১৮.৭২ লাখ পৰীক্ষাৰ্থীয়ে প্ৰৱেশ পৰীক্ষাত নামভৰ্তি কৰিছিল। এন টি এয়ে জনোৱা মতে, পঞ্জীয়নভুক্ত প্ৰাৰ্থীৰ প্ৰায় ৯৫ শতাংশই নীট ইউ জি পৰীক্ষাত হাজিৰ হৈছিল।

ভাৰতৰ ৪৯৭ খন চহৰৰ ৩৫৭০টা কেন্দ্ৰত চিকিৎসা প্ৰতিষ্ঠানত ভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা হয়। তদুপৰি বহিঃৰাজ্যৰ ১৪ খন চহৰতো পৰীক্ষা অনুষ্ঠিত হৈছিল।

অসমৰ কথা ক’বলৈ গ’লে নীট ২০২২ (ইউজি) পৰীক্ষাত অৱতীৰ্ণ হোৱা ৩৩,১৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মুঠ ১৭,০২৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে যোগ্যতা অৰ্জন কৰিছিল।

প্ৰৱেশ পৰীক্ষাত ৰাজস্থানৰ তানিস্কাই শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে কৰ্ণাটকৰ দিল্লীৰ বটছা আশীষ বাত্ৰ আৰু হৃষিকেশ নাগভূষণ গাংগুৱেলে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।