কাইলৈৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। নতুনকৈ নিৰ্মাণ কৰা অসম বিধানসভা ভৱনত এই অধিৱেশন অনুষ্ঠিত হ’ব। আজি অধিৱেশন উপলক্ষে সাংবাদিকক সম্বোধন কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন সম্পূৰ্ণ নতুন সা-সুবিধাৰে নতুনকৈ নিৰ্মাণ কৰা ভৱনটোত সুকলমে পৰিচালিত হ’ব। আগন্তুক অধিৱেশনত প্ৰায় ২৩খন বিধেয়ক বিধানসভাত দাখিল কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে সকলো দলকে যাতে অধিৱেশনখন সুকলমে অনুষ্ঠিত হয় তাৰ বাবে আহ্বান জনাই বিৰোধী দলসমূহৰ পৰা সহযোগিতা বিচাৰিছে।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰী হাজৰিকাই কয়, “প্ৰায় ২৩-২৪ খন বিধেয়ক দাখিল কৰা হ’ব। কেইবাখনো মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ বা উন্নীত কৰা হৈছে। এখন পঞ্চায়তীৰাজ বিধেয়কও দাখিল কৰা হ’ব আৰু বিভিন্ন বিভাগৰ আন কেইবাখনো বিধেয়ক উত্থাপন কৰা হ’ব। ১৪ -১৫ ছেপ্টেম্বৰৰ ভিতৰত পুৱা আৰু গধূলি দুয়োটা শ্বিফটতে বিধানসভাৰ অধিৱেশন চলিব। সদৌ দলীয় বৈঠকত যথাযথ আলোচনাৰ অন্তত আমি বিধেয়কসমূহ গৃহীত কৰাৰ সিদ্ধান্ত লৈছো।”
চৰকাৰৰ হৈ বিৰোধী দলক পূর্বৰ দৰে সময় দিয়াৰ প্রতিশ্রুতি দিয়ে মন্ত্রীজনে৷ পঞ্চায়তীৰাজ সংশোধনী বিধেয়ক, কেইবাখনো মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰাকে ধৰি আন বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিধেয়ক অধিৱেশনত উত্থাপন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই ধনৰাশি দুদিনৰ ভিতৰত পাছ কৰিবলৈ সময় লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়।
