ঋতু পৰ্ণ শৰ্মা, নগাঁও: অসম বাৰ্তাজীৱী সংঘৰ নগাঁও জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশনখনি ৰবিবাৰে নগাঁৱৰ নেহৰু যুৱক কেন্দ্ৰৰ সভাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা ১০ বজাত অসম বাৰ্তাজীৱী সংঘৰ পতাকা উত্তোলন কৰাৰ পাছতে মুকলি অধিবেশন অনুষ্ঠিত হয় ।
জিলা সমিতিৰ সভাপতি অখিল চন্দ্ৰ দাসৰ পৌৰাহিত্যত অনুষ্ঠিত মুকলি অধিৱেশনখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই অসম বাৰ্তাজীৱী সংঘৰ কেন্দ্ৰীয় সভাপতি কেশৱ কলিতাই লিখি উলিওৱা “সাংবাদিক- অসাংবাদিক” নামৰ গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে । গ্ৰন্থখনি উন্মোচন কৰি দিয়া ভাষণত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে সাম্প্ৰতিক সময়ত সংবাদ মাধ্যম গভীৰ সংকট আৰু প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে । বিশেষকৈ প্ৰিণ্ট মিডিয়া অধিক হাৰত সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে ।
কিন্তু এই প্ৰত্যাহ্বানক নেওচি সংবাদ মাধ্যম নিজৰ প্ৰাসঙ্গিকতা সদায় বৰ্তাই ৰাখিব। অনাদি অনন্ত কাললৈ বাতৰি কাকতৰ প্ৰাসংগিকতা অব্যাহত থাকিব বুলি আমি আশাবাদী। একাংশ ৱেব প’ৰ্টেলৰ সাংবাদিকৰ বাবেই সৎ সাংবাদিক সকল বদনামী হ’ব লগীয়া হোৱা বুলি মন্তব্য কৰি বিধায়ক শৰ্মাই ৱেব প’ৰ্টেলক নিয়ন্ত্ৰণ কৰিবলৈ আইনৰ প্ৰয়োজন বুলিও মন্তব্য কৰে। তেওঁ কয় যে সাংবাদিক আৰু সংবাদ পত্ৰৰ সৈতে মোৰ সম্পৰ্ক বহু পুৰণা ।
সেয়েহে সাংবাদিকৰ সমস্যাসমূহ মই বুজি পাও। ইমান প্ৰত্যাহ্বানককো নেওচি একাংশ সাংবাদিকে অতি সততাৰে সাংবাদিকতা কৰি থকা মই দেখিছোঁ। এই মুকলি সভাতে কেন্দ্ৰীয় সমিতিৰ সভাপতি কেশৱ কলিতাই ভাষণ দি সাংবাদিকৰ সমন্বয় আৰু নীতি-নিৰ্দেশনাৰ ওপৰত আলোকপাত কৰে।তেওঁ কয় যে সংবাদপত্ৰৰ প্ৰতি কিছু ভাবুকি আহিছে যদিও ই সংবাদপত্ৰৰ প্ৰয়োজনীয়তা নাইকিয়া কৰিব নোৱাৰে।
সভাত অসম বাৰ্তাজীৱী সংঘৰ নৱনিৰ্বাচিত সভাপতি টুটুমণি ফুকন,নৱনিৰ্বাচিত সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মা, সাংগঠনিক সম্পাদক ভাস্কৰ শৰ্মাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে । সভাৰ উমৈহতীয়া সিদ্ধান্ত অনুসৰি আগন্তুক বৰ্ষৰ বাবে কনক হাজৰিকাক সভাপতি আৰু ভাস্কৰজ্যোতি মেধিক সাধাৰণ সম্পাদক, হেমেন কুমাৰ দাস, মুণীন্দ্ৰ শইকীয়া, মিজু বৰাক উপ সভাপতি, অজয় মাহাতু আৰু তপন কটকীক সহকাৰী সম্পাদক, বৈদ্যনাথ চাহানীক কোষাধ্যক্ষ, মুৰুলী বৰুৱা আৰু প্ৰাঞ্জল বৰদলৈক সাংগঠনিক সম্পাদক, নৃপেন বৰাক প্ৰচাৰ সম্পাদক, ওৱাহিদুদ জামানক কাৰ্যালয় সম্পাদক হিচাপে লৈ এখন ২৫ জনীয়া অসম বাৰ্তাজীৱী সংঘৰ নগাঁও জিলা সমিতি খন গঠন কৰা হয় । সমিতিৰ উপদেষ্টা হিচাপে ৰখা হৈছে অখিল চন্দ্ৰ দাসক ।
