অসম ফৰেনছিক বিজ্ঞানাগাৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ড০ কমলেশ্বৰ গোস্বামীৰ মৃত্যু

95

ষ্টাফৰিপোৰ্টাৰ, ১৬ এপ্ৰিল : অসম ফৰেনছিক বিজ্ঞানাগাৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ড০ কমলেশ্বৰ গোস্বামীৰ বৃহস্পতিবাৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। বিগত এসপ্তাহ ধৰি তেওঁ শ্বাস-প্ৰশ্বাসৰ অসুবিধাত ভূগি গুৱাহাটীৰ ডাউন-টাউন হাস্পতালত চিকিৎসাধীন হৈ আছিল। ডঃ গোস্বামীয়ে ১৯৭৭ চনৰ পৰা ২০০১ চনলৈ সুদীৰ্ঘ ২৪ বছৰ কাল অসম ফৰেনছিক বিজ্ঞানগাৰৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ মৃত্যুৰ সময়ত পত্নী, এজন পুত্ৰ, দুগৰাকী জীয়ৰী, দুজন জোঁৱাই,দুজন নাতি, আত্মীয় কুটুম্বক এৰি যায়। তেওঁৰ বেলতলাৰ ভগদত্তপুৰৰ বাস ভৱনত ভালে সংখ্যক আত্মীয়, প্ৰাক্তন সহকৰ্মী আৰু বন্ধু-বান্ধৱ একত্ৰিত হৈ মৃতকৰ প্ৰতি শেষশ্ৰদ্ধা নিবেদন কৰে লগতে মতৃকৰ আত্মাৰ সদগতিৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।