অসম পালেহি ব্লেক ফাংগাছ! প্ৰথমজন ৰোগীৰ মৃত্যু

74

অসম পালেহি মহামাৰী ব্লেক ফাংগাছ। অসমত প্ৰথমগৰাকী লোকৰ এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু ঘটাৰ পিছতে সৃষ্টি হৈছে আতংকৰ। জানিব পৰা মতে, এপল’ হাস্পতালত চিকিৎসাধীন হৈ আজি পুৱা ৬ বজাত মৃত্যু ঘটা ৰোগীজনৰ দেহত পোৱা গৈছে ব্লেক ফাংগাছৰ উপস্থিতি।

মৃত ৰোগীজনৰ নাম মণি বৰা বুলি জানিব পৰা গৈছে। ২৭ বৰ্ষীয় যুৱকজনৰ ঘৰ নগাঁও জিলাৰ ধিঙৰ চমুৱা গাঁৱত। অৱশ্যে ব্লেক ফাংগাছৰ বিৰুদ্ধে যুঁজিবলৈ চিকিৎসা পদ্ধতি অসমৰ চিকিৎসালয়ত মজুত আছে বুলি জানিবলৈ দিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।