অসম-ত্ৰিপুৰা সীমান্তত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

130

অসম আৰক্ষীয়ে সোমবাৰে নিশা অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

জব্দ কৰা গাঞ্জাখিনিৰ ওজন ৪৭২৮ কেজি আৰু বজাৰ মূল্য প্ৰায় ৫ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

আৰক্ষীৰ খবৰ অনুসৰি সোমবাৰে নিশা ত্ৰিপুৰাৰ পৰা আহি থকা ৰবৰ কঢ়িওৱা AS01FC 1894 নম্বৰৰ এখন ট্ৰাকৰ পৰা জব্দ কৰে গাঞ্জাখিনি।

কিন্তু আৰক্ষীয়ে ট্ৰাকখনক বাধা দিয়াৰ পিছতে ট্ৰাকখনৰ চালকজন চেগ বুজি পলায়ন কৰে।

সম্প্ৰতি এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।