অসম ডন’বস্ক বিশ্ববিদ্যালয়ৰ এটা দলৰ ক’ভিড-১৯ ৰ বাবে ৱেবছাইট মুকলি

88

ষ্টাফৰিপোৰ্টাৰ, ১৫ এপ্ৰিল ::ক’ভিড-১৯ৰ এই প্রাদুর্ভাবৰ সময়ত অসমৰ ৰাইজলৈ অলপ সহায়ৰ হাত আগবঢ়াই, অসম ডন’বস্ক বিশ্ববিদ্যালয়ৰ ৪ জন ছাত্ৰ আৰু ২ জন অধ্যাপকৰ দলে, অসমৰ লগতে অসমৰ বাহিৰত থকা মানুহক ক’ভিড-১৯ৰ বিষয়ে ৰিয়েল-টাইম তথ্য দিবলৈ এটা ৱেবছাইট, দেছবৰ্ড সাজি উলিয়ায় | এই দলটোৰ ছাত্ৰ ৪ জন ক্ৰমে, ছন্জিবন ৰয়, অনুৰন পাটগিৰি, ইনজামুল ইছলাম, জয়ন্ত গগৈ আৰু অধ্যাপক, অধ্যাপিকা ক্ৰমে ৰুপেশ মন্ডল আৰু নুপুৰ চৌধুৰী |”ক’ভিড-১৯ অসম ডট ইন”(covid19assam.in) ৱেবছাইটটোয়ে অসমৰ গ্ৰাম্য অঞ্চলৰ লোক সকলক ক’ভিড-১৯ৰ অসমত চলি থকা পৰিস্থিতিৰ বিষয়ে সবিশেষ জনাব । ই কেবল আক্ৰান্ত লোকৰ বিষয়ে নহয় লগতে বিশ্ব স্বাস্থ্য সংস্থাই দিয়া নিৰ্দেশনা অনুসৰি স্বাস্থ্য পৰীক্ষা কৰে । ক’ভিড-১৯ থকাৰ সম্ভাৱনা আছে নে নাই তাৰ এক গণনা কৰি ফলাফল দেখুৱায় । লগতে ৱেবচাইটত, অসমত থকা ক’ভিড-১৯ টেষ্ট চেণ্টাৰ, চিকিৎসালয় সমূহ দাঙি ধৰে, চিত্ৰলেখৰ জৰিয়তে নিৰ্ধেশনা দিয়ে, হিম্মন্ত বিশ্ব শৰ্মাৰ ট্টুইট্চ বোৰ দেখুৱাই, ক’ভিড-১৯ সম্পৰ্কীয় বাতৰি পৰিবেশন কৰে, মানুহে নিজকে ঘৰ-বিচ্ছিন্ন বুলি ঘোষণা কৰিব পাৰে । যিয়ে আমাক অত্যাধিক ক’ভিড-১৯ ৰোগী / সাম্ভাব্য় ৰোগী থকা ঠাই সমূহক হিট-মেপত দেখুৱাত সহায় কৰে । বিশ্ববিদ্যালয়ৰ উাচাৰ্য ষ্টিফেন মভেলীয়ে কয়, “ৰাজ্যৰ এই বিপদৰ সময়ত ৰাইজক সহায় কৰিবলৈ আমাৰ বিশ্ববিদ্যালয়ে পৰাপক্ষে সকলো কাম কৰি আছে । ৮০০ ৰো অধিক লোকক খাদ্য সামগ্ৰী বিলাই দিয়াৰ পৰা আৰম্ভ কৰি মানসিক পৰামৰ্শ আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত এই ৱেবছাইটৰ জৰিয়তে সহায় আগবঢ়ায় আছে । লগতে তেওঁ কয়, এই ৱেবছাইটটো হল বিশ্ববিদ্যালয়ৰ ছাত্ৰ, অধ্যাপকৰ সেৱা আৰু যত্নৰ ফল । বিশ্ববিদ্যালয়ৰ প্ৰযু্তিবিদ্যা বিভাগৰ পৰিচালক মনোৰঞ্জন কলিতাই কয় যে, এই ৱেবছাইট’টোৰ প্ৰথম ভাল গুণ হল অসমীয়া ভাষা ব্যৱহাৰ । যথেষ্ট সংখ্যক মানুহৰ মাজত ইতিমধ্যে “ক’ভিড-১৯ অসম” ৱেবছাইট’টো জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে । আমি বিশ্বাস কৰো যে, একেলগে আমি কোভিড-১৯ক পৰাস্ত কৰিবলৈ সক্ষম হম । ইংৰাজী আৰু অসমীয়া দুটা ভাষাতে নিৰ্মিত এই ৱেবছাইট’টোয়ে মানুহক সহায়ৰ এটা হাত আগবঢ়ায় দিব বুলি আমি আশা ৰাখিলো বুলি এক বিবৃতি যোগে কয়
অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ আৰু প্ৰযু্তিবিদ্যা বিভাগৰ অধ্যাপক নুপুৰ চৌধুৰীয়ে।