অসম জাতীয়তাবাদী যুৱ পৰিষদ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত কালাপাহাৰ আৰু বিৰুৱাৰীত খাদ্য সামগ্ৰী বিতৰণ

123


ষ্টাফ ৰিপৰ্টাৰ, ৩ জুন : সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত আৰু দক্ষিণ গুৱাহাটী আঞ্চলিক সমিতিৰ সহযোগত বুধবাৰে কালাপাহাৰ আৰু বিৰুৱাৰী অঞ্চলৰ প্ৰায় শতাধিক দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। এই কাৰ্যসূচীত মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক বসন্ত কলিতা, উপদেষ্টা জয়ন্ত শৰ্মা, কাৰ্যনিৰ্বাহক সদস্য ফটিক কাকতি, কে দাস, কেন্দ্ৰীয় সমিতিৰ যুটিয়া সাধাৰণ সম্পাদক ডিম্ব বনিয়া, দক্ষিণ গুৱাহাটী আঞ্চলিক সমিতিৰ সভাপতি অনিতা কলিতা, সম্পাদক ৰিকি বসু, উপদেষ্টা মন্টু তালুকদাৰ, ৰেণু তালুকদাৰ আদি উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়ায়।