অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ-সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ একাংশ অঙ্গনবাড়ী কেন্দ্ৰত চলিছে কি?

251

অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ-সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ একাংশ অঙ্গনবাড়ী কেন্দ্ৰত চলিছে কি?

গোৱালপাৰা জিলাৰ জলেশ্বৰ শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ একাংশ অঙ্গনাবাড়ী কেন্দ্ৰই উদঙাইছে ইয়াৰ প্ৰকৃত ৰূপ।

জলেশ্বৰ শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ সাতশিয়া খামাৰ গাঁওৰ ৯ নং পাৰ্ট ২ ৰ অঙ্গনাবাড়ী কেন্দ্ৰ।

প্ৰায় ৪০ জনতকৈ অধিক শিশুয়ে অধ্যয়ন কৰা এই কেন্দ্ৰত মাহত এক -দুইবাৰ উপস্থিত হয় কৰ্মী আবিদা বেগম, যাৰ ফলত কেন্দ্ৰটোত থকা সহায়িকাই পাঠদান কৰাইছে শিশুসকলক।

আনফালে কেন্দ্ৰটোৰ আন্তগাথনিৰ কামত হুৰলুকিৰ লগতে মাধ্যহ্ন ভোজনৰ খোৱাৰ পৰিৱৰ্তে চাউল বিক্ৰী কৰি খোৱাৰ অভিযোগ উত্থাপন হৈছে।

আজি গাওঁৰ ৰাইজৰ লগতে অভিভাৱক সকলে ওলাই আহি কেন্দ্ৰটোত চলি থকা অনিয়ম আৰু দূৰ্নীতি সমন্ধে সংবাদ মাধ্যম যোগে চৰকাৰক অৱগত কৰে।