কোভিডসৃষ্ট পৰিস্থিতিৰ বাবে মেট্ৰিক-হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা বাতিল হৈছে যদিও বিশেষ মূল্যাংকণ পদ্ধতিৰে অহা ৩১ জুলাইৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে শিক্ষা বিভাগে। বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি এই বিষয়ে জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ পৰা ৪০ শতাংশকৈ নম্বৰ নিৰ্ধাৰণ কৰাৰ বিপৰীতে শিক্ষকৰ দ্বাৰা ২০ শতাংশ নিৰ্ধাৰণ কৰি চলিত বৰ্ষৰ মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ মূল্যাংকণ কৰা হব। আনহাতে উচ্চতম মাধ্যমকিৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে মেট্ৰিক পৰীক্ষাৰ ৩টা বিষয়ৰ ৫০ শতাংশ নিৰ্ধাৰণ কৰা হব।
ইফালে সংবাদ মেলত শিক্ষামন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষৰ পৰীক্ষাৰ ফলাফল কেৱল ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ বাবেহে ঘোষণা কৰা হব বুলি স্পষ্ট কৰি দিছে। অসম চৰকাৰৰ কোনো চৰকাৰী চাকৰিৰ বাবে এই বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল প্ৰযোজ্য নহয় বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।
যিসকল শিক্ষাৰ্থী ভৱিষ্যতে অসম চৰকাৰৰ চৰকাৰী চাকৰিৰ প্ৰতি আগ্ৰহী, তেওঁলোকে পৰৱৰ্তী সময়ত চৰকাৰৰ দ্বাৰা অনুষ্ঠিত বিশেষ পৰীক্ষাত অৱতীৰ্ণ হব লাগিব বুলি জানিবলৈ দিয়ে ডা০ ৰণোজ পেগুৱে। কোভিড পৰিস্থিতি স্বাভাৱিক হ’লে ২০২২ বৰ্ষত এই বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হব বুলিও সংবাদ মেলত সদৰী কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।