অসম কৃষি বিশ্ববিদ্যালয়ত আঞ্চলিক কৃষি মেলা আৰম্ভ

111

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা অনুষ্ঠিত হোৱা আঞ্চলিক কৃষি মেলা উন্মোচন কৰি এই মত ব্যক্ত কৰে অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই । উত্তৰ পূৰ্বাঞ্চল ভিত্তিক সৰ্ববৃহৎ এই মেলাখনৰ উন্মোচনী বক্তব্যত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন প্ৰজন্ম কৃষি আৰু আনুসংগিক ক্ষেত্ৰত সংযোজিত হোৱাটো ভাল খবৰ ।

ৰাজ্যৰ কৃষিখণ্ডক আগবঢ়াই নিবলৈ বহু সুস্থ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ জৰিয়তে কৃষি অৰ্থনীতিৰ বিকাশ হব বুলি আমা আশাবাদী ।উত্তৰ পূৱৰ সাতখন ৰাজ্য তথা ছিকিমৰ অংশগ্ৰহণেৰে অনুষ্ঠিত মেলাখনৰ উন্মোচনী অনুষ্ঠানত আদৰণি ভাষণত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই কয় যে উত্তৰ পূৰ্বাঞ্চল ভিত্তিত এক কৃষি আচনি তৈয়াৰ কৰি একত্ৰিত ভাবে আগবাঢ়ি যাব লাগিব । উত্তৰ পূৱৰ ৰাজ্যসমুহ বেলেগ বেলেগ সামগ্ৰীৰ বাবে বিখ্যাত । সেই সামগ্ৰীসমুহ একত্ৰিত কৰি আগবাঢ়িব পাৰিলে দেশৰ অন্য স্থানে আমাক বেলেগ দৃষ্টিৰে চাবলৈ বাধ্য হব ।

অনুষ্ঠানতে মেলাৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থৰ লগতে কেবাখনো গ্ৰন্থ আৰু পুস্তিকা উন্মোচন কৰাৰ লগতে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৫ গৰাকী প্ৰগতিশীল কৃষকক সংবৰ্ধনা জনোৱা হয় ।উল্লেখ্য , তিনিদিনীয়া কাৰ্যসূচীৰে অয়োজিত এই মেলা আজিৰে পৰা ১৪ মাৰ্চলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মুল চৌহদত অনুষ্ঠিত হব । উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ লগতে ছিকিমৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হবলগীয়া এই মেলাত কৃষক, কৃষি আৰু আনুসংগিক ক্ষেত্ৰৰ লগত জড়িত উদ্যোগীয়ে অংশ গ্ৰহণ কৰিছে ।এই মেলাৰ প্ৰদৰ্শনীত অসম কৃষি বিশ্ববিদ্যালয়ৰ লগতে কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় ইম্ফল , বৰাপানীস্থ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ উত্তৰ পূৱ পাৰ্বত্য কেন্দ্ৰ ,আন্তৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান ,ৰাজ্যিক কৃষি বিভাগ, ৰাজ্যিক উদ্যান শস্য বিভাগ, কেন্দ্ৰীয় এৰি মুগা গৱেষণা প্ৰতিষ্ঠান,ভাৰতীয় চাহ বৰ্ড, বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানেও অংশগ্ৰহণ কৰিছে ।

এই প্ৰদৰ্শনীত শস্য আৰু শস্য উৎপাদন, কৃষি ভিত্তিক মুল্য সংযোজিত আৰু সংসাধন সামগ্ৰী, পৰম্পৰাগত সম্পদৰ অনুশীলন, পশুপালন আৰু মীনপালন তথা কৃষি যান্ত্ৰিকীকৰণ আদি ক্ষেত্ৰই অংশগ্ৰহণ কৰিছে। মেলাৰ লগত সংগতি ৰাখি কৃষি উদ্যোগী সমাবেশ, কৃষক প্ৰশিক্ষণ,কৃষক ফৰাম,কৃষক বিজ্ঞানীৰ মত বিনিময় আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব ।এই মেলাত অসমৰ ২৩ টা কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতে অন্যান্য ৰাজ্যৰ কৃষি বিজ্ঞান কেন্দ্ৰসমুহেও অংশ গ্ৰহণ কৰিছে ।