ষ্টাফৰিপোৰ্টাৰ, ২৬ এপ্ৰিল : অসমৰ প্ৰাদশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সকলৰ ৰাজ্যিক সংস্থা “উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ, অসম” ৰ তৰফৰ পৰা দেওবাৰে মুঠ পাঁচ লাখ টকা অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ‘অসম আৰোগ্য নিধি’লৈ আগবঢ়োৱা হয়। এই বিষয়ে ৰাজ্যিক অধ্যক্ষ মঞ্চৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী কল্পনা গগৈ আৰু সাধাৰণ সম্পাদক আবুল হাছেম আল-আমান স্বাক্ষৰিত এক বিবৃতিযোগে সংবাদ প্ৰতিষ্ঠানক কয় ” অসম চৰকাৰৰ বিত্ত,স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ,দূৰাৰোগ্য কৰোনা ভাইৰাছৰ পৰা ৰাজ্যবাসীক ৰক্ষা কৰাৰ চৰকাৰৰ প্ৰচেষ্টাৰ সমভাগী হৈ অসমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সকলে এই অৰ্থ সাহায্য আগবঢ়োৱা হৈছে। অধ্যক্ষ মঞ্চই অসম চৰকাৰ তথা অসমৰ স্বাস্থ্য বিভাগে স্বাস্থ্য মন্ত্ৰীৰ নেতৃত্বত কৰোনা নিয়ন্ত্ৰণৰ বাবে যি পদক্ষেপ লৈছে অধ্যক্ষ মঞ্চই তাৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে এই কামত জড়িত সমূহ স্বাস্থ্যকৰ্মী, আৰক্ষী আৰু সংশ্লিষ্ট সকলো পক্ষকে কৃতজ্ঞতা জ্ঞান কৰে আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰে। উল্লেখ অধ্যক্ষ মঞ্চৰ নেতৃত্বত ৰাজ্যৰ প্ৰতিখন প্ৰাদশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই যোৱা মাৰ্চ মাহত এদিনৰ দৰমহা চৰকাৰলৈ আগবঢ়োৱাৰ উপৰঞ্চি গাইপতি দুহেজাৰ টকাকৈ বৰঙণি হিচাপে সংগ্ৰহ কৰি মুঠ পাঁচ লাখ টকা আৰোগ্য নিধিলৈ আগবঢ়ায়।বৰ্তমান চলি থকা লকডাউনৰ কাৰণে বহুতো অধ্যক্ষই এই ধন আদায় দিব নোৱাৰিলে বুলি বিষয়া দুগৰাকীয়ে দুখ প্ৰকাশ কৰে। এই চেগতে ৰাজ্যিক অধ্যক্ষ মঞ্চৰ সভাপতি আৰু সাধাৰণ সম্পাদকে বৰঙণি আগবঢ়োৱা সকলো সতীৰ্থ অধ্যক্ষলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁলোকে আৰু জানিবলৈ দিয়ে অতি সোনকালে স্বাস্থ্য মন্ত্ৰীলৈ এই বিষয়ে আনুষ্ঠানিক ভাৱে দাঁতাসকলৰ তালিকাৰে সৈতে জনাই পত্ৰ প্ৰেৰণ কৰা হ’ব।
