অসম আৰক্ষীৰ ১৩গৰাকী বিষয়া-কণিষ্টবললৈ ৰাষ্ট্ৰপতিৰ বিশেষ পাৰদৰ্শিতা বঁটা

88

আৰক্ষীৰ কৰ্তব্যত নিয়োজিত হৈ জন হিতৰ বাবে নিস্বাৰ্থ সেৱা আগবঢ়োৱা অসম আৰক্ষীৰ ১৩গৰাকী আৰক্ষী বিষয়া তথা কণিষ্টবললৈ ২০২১ৰ গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ পাৰদৰ্শিতা বঁটা প্ৰদান কৰা হ’ব। তদুপৰি কোকৰাঝাৰৰ উপ আৰক্ষী মহাপৰিদৰ্শক ভায়লেট বৰুৱাক এইবাৰ গণৰাজ্য দিৱস উপলক্ষ্যে ৰাষ্ট্ৰপতিৰ বিশেষ সেৱা বঁটা প্ৰদান কৰা হ’ব।

ৰাষ্ট্ৰপতিৰ বিশেষ পাৰদৰ্শিতা বঁটা লাভেৰে অসম আৰক্ষীলৈ গৌৰৱ কঢ়িয়াই অনা অসম আৰক্ষীৰ বিষয়া-কণিষ্টবল কেইগৰাকী হৈছে-

১. মুছলেহ উদ্দীন আহমেদ, 22 এপি (আইআৰ) বেটেলিয়নৰ কমাণ্ডেণ্ট, ধেমাজি

২. অমৃত ভূঞা, আৰক্ষী অধীক্ষক, দৰং

৩. সুশান্ত বিশ্ব শৰ্মা, আৰক্ষী অধীক্ষক, গোৱালপাৰা

৪. দেৱাশীষ শৰ্মা, অধ্যক্ষ. আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, দেৰগাঁও, গোলাঘাট

৫. ইমান উদ্দীন চৌধুৰী, উপ আৰক্ষী অধীক্ষক, কাছাৰ

৬. দীপক বৰা, আৰক্ষী অধীক্ষক, গোলাঘাট

৭. ডিম্ব ৰাম টেৰাং, উপ আৰক্ষী উপ-পৰিদৰ্শক, গুৱাহাটী

৮. নিৰঞ্জন দাস, সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক, কাছাৰ

৯. আনোৱাৰ হুছেইন বৰভূঞা, নায়ক, কাছাৰ

১০. পংকজ মহন্ত, কনিষ্টবল, গুৱাহাটী

১১. জীতেন্দ্ৰ কুমাৰ সিং যাদৱ, কনিষ্টবল, গুৱাহাটী

১২. হেমেন দাস, কনিষ্টবল, গুৱাহাটী

১৩. অনিল ৰাজৱংশী, কনিষ্টবল, কোকৰাঝাৰ