প্ৰচণ্ড গৰমৰ পৰা যেন অলপ সকাহ পালে ৰাজ্যবাসীয়ে। বেলিৰ ৰুদ্ৰমূৰ্তিয়ে ৰাজপথত হাহাকাৰ লগোৱাৰ পিছত আজি এজাক মুষলধাৰ বৰষুণে ধুৱাই নিলে ৰাজ্যৰ বিভিন্ন প্ৰান্ত।
আজি নলবাৰী, বৰপেটা, চিৰাং, কামৰূপকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিয়া ধাৰাসাৰ বৰষুণে প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ নিয়াইছে ৰাজ্যবাসীক। বিগত কিছু দিনত বৰষুণৰ অভাৱত মূৰে কপালে হাতদিয়া কৃষক সকলেও আজি অলপ স্বস্তিৰ নিশ্বাস এৰিছে। আজি ৰাজ্যৰ তাপমান ২৯ ডিগ্ৰী চেলছিয়াছলৈ নামিছে।
বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে আগন্তুক ৪-৫ দিনলৈ ৰাজ্যৰ প্রান্তে প্রান্তে বৰষুণৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আকাশ ডাৱৰীয়া হৈ থাকিব।
