অযোধ্যাত কৰা হ’ল ভূমি পূজন

166

ষ্টাফৰিপৰ্টাৰ, বুধবাৰে এক বিৰল মূহুৰ্তৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ ভাৰতবৰ্ষ। অযোধ্যাত
ৰাম মন্দিৰত ভূমি পূজন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গেৰুৱা বসনৰ লগতে মাস্ক পৰিধান কৰি ভূমি পূজন কৰে। ভূমি পূজন স্থলীত যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে হনুমাননগৰী মন্দিৰত পৰম্পৰাগতভাৱে পূজা-পাঠ কৰে।হনুমাননগৰী মন্দিৰৰ প্ৰধান পূজাৰী গদ্দীনছীন প্ৰেমদাস মহাৰাজে প্ৰধানমন্ত্ৰী মোদীক পাগুৰি,ৰূপৰ মুকুট আৰু পৰম্পৰাগত ষ্টোল পিন্ধায়।এই সময়ছোৱাত প্ৰধানমন্ত্ৰী গৰাকীয়ে মাস্ক পিন্ধাৰ লগতে সামাজিক দূৰত্বৰ নিয়মো পালন কৰে।ৰামলালক দৰ্শন কৰি শেৱালী ফুল ৰোপণ কৰে মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে ভগৱান ৰামৰ প্ৰতিমূৰ্তিৰ সন্মুখত সাষ্টাংগে প্ৰণিপাতো কৰে। লগতে ৪০ কেজিৰ ৫টা ৰূপৰ ইটা আৰু ১৩৩ গৰাকী সাধু-সন্তৰে অযোধ্যাত আৰম্ভ কৰা হয় ভূমি পূজন। এই ভূমি পূজনত ব্যৱহাৰ হৈছে ১০০খন নৈৰ জল। দেশবাসীয়ে বুধবাৰৰ দিনটোৰ এক সুন্দৰ মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল। ৰাম বন্দনা আৰু আৱতৰীয়া দীপাৱলীৰ দৃশ্য পৰিলক্ষিত হয়।