অমৰাজানত নিশা ভয়ঙ্কৰ পথ দুৰ্ঘটনা।
নিশা প্ৰায় ১১মান বজাত AS09H 2324 নম্বৰৰ DEZIRE বাহনখন ডিমাপুৰ অভিমুখে গৈ থকা অৱস্থাত একে দিশৰ পৰা আহি থকা AS02AL 8717 নম্বৰৰ এখন তীব্ৰবেগী bolero বাহনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।যাৰ ফলত dezire বাহন খনৰ পাছৰ অংশ সম্পূৰ্ণ ৰূপে ক্ষতিগ্ৰস্ত হয়।আনহাতে কম পৰিমাণে হলেও bolero খনৰ সন্মুখ ভাগো ক্ষতিগ্ৰস্ত হয়।
স্থানীয় লোকৰ পৰা জানিব পৰা অনুহৰি bolero খনৰ চালক জন অধিক মাত্ৰাত সুৰা পান কৰি থকাৰ বাবে দুৰ্ঘটনাতো সংঘটিত হয়।
বোকাজান আৰক্ষী দুৰ্ঘটনা স্থলীত উপস্থিত হৈ দুয়োখন বাহন নিজৰ জিম্মাত লয়।
দুৰ্ঘটনাৰ ফলত কোনো লোক আহত হোৱা নাই।
