মহানগৰীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ শ্ৰীশ্ৰীমা কামাখ্যা দেৱালয়ৰ আটাইতকৈ ডাঙৰ উৎসৱ অম্বুবাচী মেলাভাগ সুচাৰুৰূপে অনুষ্ঠিত কৰাত সমাজৰ সকলো শ্ৰেণীৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতা কামনা কৰিছে ৰাজ্যৰ পৰিবহণ বিভাগে ৷ অম্বুবাচী মেলাৰ এই গুৰুত্বপূৰ্ণ সময়চোৱাত সকলো যানবাহন ব্যৱহাৰকাৰীকে পথ-সুৰক্ষাৰ নীতি-নিৰ্দেশনাসমূহ সঠিকভাৱে মানি চলিবলৈ অতি বিনয়েৰে আহ্বান জনাইছে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে ৷ আজিৰে পৰা অহা ২৬জুনলৈ অনুষ্ঠিত হ’বলগীয়া পবিত্ৰ অম্বুবাচী মেলাৰ সময়চোৱাত শিশু, মহিলা, জেষ্ঠ নাগৰিককে ধৰি বিভিন্ন স্থানৰ পৰা আহি নীলাচলৰ বুকুত সমবেত হোৱা ভক্ত-তীৰ্থযাত্ৰীৰ কোনোৱে যাতে অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে মহানগৰখনত সকলো সময়তে সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰাখিবলৈ সকলোৰে প্ৰতি আহ্বান জনোৱা হৈছে ৷ এই সময়চোৱাত সকলোকে পবিত্ৰতা আৰু সংযম ৰক্ষা কৰি চলিবলৈ আহ্বান জনাই পথ-সুৰক্ষাৰ বাবে মানি চলিবলগীয়া বিভিন্ন নীতি-নিৰ্দেশনাসমূহ সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে ৷ তেওঁ কয় যে অম্বুবাচী মেলাৰ সময়চোৱাত যানবাহন চলাওঁতে কোনোৱে যাতে ৰাগীয়াল দ্ৰব্য সেৱন কৰি অথবা অত্যাধিক বেগত গাড়ী চলাই অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নকৰে । চাৰিচকীয়া বাহনত ছীটবেল্ট আৰু দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে সঠিক আইএছআই চিহ্নযুক্ত হেলমেট পৰিধান কৰাৰ লগতে কোনোৱে যাতে ম’বাইলত কথা পাতি গাড়ী চলাই নিজৰ লগতে আনকো বিপদত নেপেলাই ৷ এইক্ষেত্ৰত “পথ-সুৰক্ষাই জীৱন ৰক্ষা” বুলি উল্লেখ কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে অম্বুবাচীৰ সময়চোৱাত সকলোৰে আন্তৰিক সহযোগিতা, সজাগতা আৰু সুৰক্ষা কামনা কৰে ৷