অমিত খাৰেক প্ৰধানমন্ত্ৰীৰ উপদেষ্টা হিচাপে নিযুক্তি

94

ডিজিটেল ডেস্কঃ ১৯৮৫ বেচৰ আইএএছ বিষয়া অমিত খাৰেক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে তেওঁ শিক্ষা আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰিছিল। তেওঁক মঙলবাৰে প্ৰধানমন্ত্ৰীৰ উপদেষ্টা হিচাপে নিযুক্তি প্ৰদান কৰাৰ বিষয়ে এক নিৰ্দেশনা জাৰি কৰে প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ে।

PMO ৰ তৰফৰ পৰা জাৰিবকৰা নিৰ্দেশনাত কোৱা হয়, “কেবিনেটৰ নিযুক্তি বিভাগ অমিত খাৰেক প্ৰধানমন্ত্ৰীৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। সচিব পদত চুক্তিৰ ভিত্তিত তেওঁক এই পদত নিযুক্তি দিয়া হৈছে। সচিব পৰ্যায়ৰ প্ৰাক্তন বিষয়াসকলক পুনৰ নিযুক্তি দিয়া হ’লে অনুসৰণ কৰিব লগা নিয়মবোৰো মানি চলিব লাগিব। তেওঁক এতিয়া দুবছৰৰ বাবে পদলৈ অনা হৈছে। ‘

উল্লেখ্য যে, ২০২০ চনত ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল অমিত খাৰেয়ে। ইফালে, ডিজিটেল মাধ্যমৰ নিয়ম সলনি কৰাৰ ক্ষেত্ৰতো অমিত খাৰেয়ে ভূমিকা পালন কৰিছিল। প্ৰাক্তন কেবিনেট সচিব অমৰজিৎ সিঙে এই বছৰ প্ৰধানমন্ত্ৰীৰ উপদেষ্টাপদ ত্যাগ কৰিছে। তেতিয়াই খাৰেক এই দায়িত্ব অৰ্পণ কৰা হৈছে। বিহাৰৰ পশু কেলেংকাৰীক আগুৱাই অনাৰ ক্ষেত্ৰতো তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ।