অভয়াপুৰীৰ আই নৈৰ অৰ্ধনিৰ্মিত দলঙত ৰহস্যজনক দুৰ্ঘটনা, ২ যুৱকৰ মৃত্যু

76

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বৰঘোলাত সংঘটিত এক ৰহস্যজনক দুৰ্ঘটনা। আই নৈৰ বুকুত বাহনসহ দুৰ্ঘটনাত পতিত এগৰাকী সাংবাদিকৰ লগতে আন এজন যুৱক। দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুয়োজন যুৱকে।

জানিব পৰা মতে, সোমবাৰে বৰঘোলাত অনুষ্ঠিত হৈছিল এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সাংস্কৃতিক অনুষ্ঠান। সেই অনুষ্ঠান চাবলৈ বন্ধুৰ সৈতে আহিছিল স্থানীয় সাংবাদিক আব্দুল লতিফ।

প্ৰাক্তন আছু নেতা তথা বৰ্তমান এখন অসমীয়া বাতৰি কাকতৰ স্থানীয় সাংবাদিক হিচাপে কৰ্মৰত আব্দুল লতিফ আৰু তেওঁৰ বন্ধু বাহনসহ কিদৰে আই নৈত বাগৰি পৰিল তাক লৈ সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ। নিহত আনজন যুৱকক দীপাংকৰ ৰয় বুলি জানিব পৰা গৈছে।

লক্ষণীয়ভাৱে আই নৈৰ ওপৰৰ যিখন দলঙৰ পৰা নৈৰ বুকুত যুৱক দ্বয়ৰ বাহন বাগৰি পৰে, সেই দলংখন আজিও অসম্পূৰ্ণ হৈ আছে। তেনে পৰিপ্ৰেক্ষিতত এয়া দুৰ্ঘটনা নে পৰিকল্পতি হত্যাকাণ্ড তাক লৈ সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ।

ইতিমধ্যে নৈৰ বুকুৰ পৰা দুৰ্ঘটনাত পতিত বাহনখন উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।