অভিনেতা সুশান্ত শিং ৰাজপুটক আত্মহত্যাৰ বাবে উচতনি দিয়াৰ অভিযোগত গোচৰ ৰুজু

94

ষ্টাফৰিপৰ্টাৰ, ২০ জুন: অভিনেতা সুশান্ত শিং ৰাজপুটক আত্মহত্যাৰ বাবে
উচতনি দিয়াৰ অভিযোগত ছুপাৰষ্টাৰ ছলমান খান,কৰণ জোহৰক,
আদিত্য চোপ্ৰা,ছাজিদ নাডিয়াদৱালা, সঞ্জয় লীলা ভাঞ্চালি,ভুষণ কুমাৰ,একটা কাপুৰ আৰু পৰিচালক দিনেশ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে বিহাৰৰ এজন অধিবক্তাই স্থানীয় আদালতত আটাইকেইগৰাকীৰ বিৰুদ্ধে এটা ফৌজদাৰী গোচৰ দাখিল কৰিছে।সুধিৰ কুমাৰ ওজা নামৰ অধিবক্তা গৰাকীয়ে আদালতত দাখিল কৰা গোচৰত সুশান্তক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা বুলি অভিযোগ কৰিছে। এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩০৬, ১০৯, ৫০৪ আৰু ৫০৬ ধাৰাৰ অধীনত উক্ত গোচৰ ৰুজু হৈছে।জানিব পৰা মতে,অভিনেত্ৰী কংগনা ৰাণাৱটক গোচৰটোৰ সাক্ষী হিচাপে লোৱা হৈছে।