অভিনেতা ছনু সুদৰ দিপাৱলীৰ শুভেচ্ছাক লৈ কিয় চলিছে আলোচনা

93

ডিজিটেল ডেস্কঃ এইবাৰ দিপাৱলী ফটকা-ফুলজাৰী ফুটাই নহয়, কোৰাবাৰ ঘৰৰ আখল জ্বলাই পালন কৰক। -এইবাৰ দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰি এই আহ্বান অভিনেতা ছনু সুদৰ। লকডাউনৰ সময়ত প্ৰৱাসী শ্ৰমিকক নিজ ঘৰলৈ উভতাই পঠিওৱাৰ লগতে হাজাৰ হাজাৰ আৰ্তজনৰ কাষত থিয় হৈ সকলোৰে নয়নৰ মণি হৈ পৰা ছনু সুদৰ এইবাৰ টুইটাৰ যোগে এই অহ্বান জনাইছে।

অৱশ্যে ছ’চিয়েল মিডিয়াত ছনু সুদৰ এই আহ্বানৰ পিছতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অধিকাংশই অভিনেতাগৰাকীৰ এই আহ্বানৰ শলাগ লোৱাৰ বিপৰীতে আন একাংশই আকৌ সমগ্ৰ বিষয়টোক ধৰ্মীয় ৰাজনীতিৰ ৰূপ দিব বিচৰা পৰিলক্ষিত হৈছে। মুছলমানৰ উৎসৱ আৰু হিন্দুৰ উৎসৱৰ বিষয় উত্থাপন কৰি অভিনেতাগৰাকীক সমালোচনা কৰাও দেখা গৈছে।