অভিনেতা আমিৰ খানৰ বিৰুদ্ধে বিজেপি বিধায়কৰ খং, দাখিল কৰিলে এজাহাৰ

72

ডিজিটেল ডেস্কঃ অভিনেতা আমিৰ খানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে উত্তৰ প্ৰদেশৰ এগৰাকী বিজেপি বিধায়কে। আমিৰ খানে কোভিড প্ৰট’কল অমান্য কৰাৰ অভিযোগ তুলি লোনীৰ বিজেপি বিধায়ক নন্দ কিশোৰ গুৰ্জৰে গাজিয়াবাদ আৰক্ষী থানাত অভিনেতাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে, আমিৰ খানৰ আহিবলগীয়া ছবি ‘লাল সিং চড্ডা’ৰ কিছু দৃশ্যৰ দৃশ্যগ্ৰহণৰ বাবে গাজিয়াবাদত উপস্থিত হৈছিল অভিনেতাগৰাকী। অভিনেতাগৰাকীৰ আগমণক লৈ উৎফুল্লিত হৈ পৰা তেওঁৰ অনুৰাগীসকলে তেওঁক শ্বুটিং স্থলীতে সাক্ষাৎ কৰিবলৈ ভিৰ কৰে। অভিনেতাগৰাকীয়েও অনুৰাগীক নিৰাশ নকৰি সাক্ষাৎ কৰে।

কিন্তু সেই সময়ত আমিৰ খান আৰু তেওঁৰ অনুৰাগীসকলৰ কোনো জনেই মাক্স পৰিধান আৰু সামাজিক দুৰত্ব বৰ্তাই ৰখা নাছিল। এতিয়া তাকে লৈ অভিনেতাজনৰ বিৰুদ্ধে কোভিড প্ৰট’কল অমান্য কৰাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছে বিজেপি বিধায়ক নন্দ কিশোৰ গুৰ্জৰে।