অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এক্সন আৰম্ভ। প্ৰায় ১৮,০০০ ভাৰতীয়ই এৰিব লাগিব আমেৰিকা। ইতিমধ্যে ইয়াৰে একাংশক কৰা হৈছে বিতাড়িত।দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্পে দেশখনত থকা অবৈধ নাগৰিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈছে।কেৱল ভাৰতীয়কেই নহয় , মেক্সিক’ৰ অবৈধ অনুপ্ৰৱেশকাৰী বাহিৰ কৰিবলৈ আমেৰিকা-মেক্সিকো সীমান্তলৈও অতিৰিক্ত সৈন্য প্ৰেৰণ কৰা হৈছে।