অবৈধ নিযুক্তি প্ৰক্ৰিয়াক লৈ সংবাদমেল

234

অবৈধ নিযুক্তি প্ৰক্ৰিয়াক লৈ সংবাদমেল।আকৌ বিতৰ্কৰ শীৰ্ষত নৱজ্যোতি মহাবিদ্যালয়। অধ্যাপক নিযুক্তিত খেলি মেলি মহাবিদ্যালয়ৰ। অধ্যাপক নিযুক্তিৰ নামত কেলেংকাৰী সংঘঠিত কৰে অধ্যক্ষগৰাকীয়ে। নীতি নিয়ম ভংগ আৰু অবৈধ ভাৱে নিযুক্তি অধ্যাপক। মোটা অংকৰ ধনৰ লেনদেনত নিযুক্তি অধ্যাপক। ধনৰ লেনদেনৰ বাবেই নিমুক্তি দিয়া বুলি সন্দেহ শীৰ্ষস্থান দখলকাৰীৰ। অধ্যক্ষৰ বিৰুদ্ধে উত্থাপিত হৈছে নিযুক্তি কেলেংকাৰীৰ অভিযোগ।সাক্ষাৎকাৰত শীৰ্ষস্থান দখল কৰা দক্ষতা সম্পন্ন প্ৰাৰ্থী তিনিজন এৰি অধ্যক্ষ শ্বাহজাহান আলী আহমেদে নিযুক্তি দিয়ে চতুৰ্থ স্থান দখল কৰা কাকলি হাজৰিকাক।এইখন মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধেও চলি আছে গোচৰ।গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত অধ্যক্ষৰ বিৰুদ্ধে চলি আছে গোচৰ। অধ্যক্ষৰ বিৰুদ্ধে WP (C)/ 4957/2016 B/A গোচৰ নম্বৰত চলি আছে বিচাৰ প্ৰক্ৰিয়া।মহাবিদ্যালয়তে অংশকালীন অধ্যাপক ভাবে কৰ্মৰত মকবুল হুছেইন খানে এই অভিযোগ উত্থাপন কৰিছে।