অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে লখিমপুৰ

89

ক্ৰমাৎ অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে লখিমপুৰ জিলা ৷

এইবাৰ লখিমপুৰত ওলাইছে নকল সোণৰ বিস্কুট ।

নকল সোণৰ বিস্কুটৰ লগতে বঙালমৰা আৰক্ষীয়ে জব্দ কৰিছে ১ লাখ ৮৫ হাজাৰ টকাৰ নকল ৫০০ টকীয়া নোটৰ বান্দোল ৷

লগতে আৰক্ষীয়ে ঘটনা সংক্ৰান্তত আটক কৰিছে ফতেহপুৰৰ ব্যৱসায়ী নেকিব উদ্দিন ৷

সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে নেকিব ৷

অধিক তথ্যৰ বাবে বঙালমৰা আৰক্ষীয়ে ধৃত নেকিব উদ্দিনক জেৰা চলাই আছে বুলি জানিব পৰা গৈছে ৷