শনিবাৰে দিছপুৰ আৰক্ষীয়ে হত্যা আৰু অপহৰণৰ বলি হোৱা বিশ্বজিৎ হাজৰিকাৰ মোবাইল ফোনটোৰ সন্ধান উলিয়াবলৈ গুৱাহাটীৰ ছয়মাইল অঞ্চলত ব্যাপক তালাচী অভিযান আৰম্ভ কৰে।
খবৰ অনুসৰি অপহৰণকাৰীয়ে বিশ্বজিতৰ মোবাইল ফোনটো নলাত পেলাই দিছিল।
যোৱা ৯ অক্টোবৰত বিশ্বজিৎ হাজৰিকাক ৰিক্সাত ঘৰলৈ উভতি অহাৰ সময়ত ছয়মাইল অঞ্চলৰ পৰা অপহৰণ কৰা হৈছিল। ঘটনাৰ পিছতে অপহৰণ আৰু হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড অজয় কলিতাই নিজৰ ফোনটো নলাত পেলাই দিছিল।
উল্লেখ কৰিব পাৰি যে অপহৰণ আৰু হত্যাকাণ্ডৰ গোচৰত ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এটা নিউজ পৰ্টেলৰ ভিডিঅ’ এডিটৰ দেবাজিত ডেকা, মাষ্টাৰমাইণ্ড অজয় কলিতা, প্ৰণৱ ৰংহাং, সঞ্জয় কুমাৰ ফাগট, পৰেশ ছেত্ৰী আৰু ময়ুৰ নাথ বুলি জানিব পৰা গৈছে।
সূত্ৰ অনুসৰি বিশ্বজিৎ হাজৰিকাক ২৩ অক্টোবৰত দুস্কৃতিকাৰীয়ে হত্যা কৰিছিল।
২ নৱেম্বৰত এমাহৰ পাছত বিশ্বজিতৰ মৃতদেহ উদ্ধাৰ হয় নেলী অঞ্চলত। ঘটনাৰ তদন্তৰ বাবে ৯ ফেব্ৰুৱাৰীত আৰক্ষী আয়ুক্তৰ ওচৰত আবেদন জনোৱাৰ লগতে পুত্ৰৰ মৃত্যুৰ লগত জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনায়।
১৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই সন্দৰ্ভত বিতংভাৱে অৱগত কৰিছিল।
