অন্ত পৰিল ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা।তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা জোনবিল মেলা শনিবাৰে অন্ত পৰে।উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ১০খন মেলাৰ ভিতৰত জোনবিল মেলাও অন্তৰ্ভুক্ত।প্ৰতিবছৰৰে মাঘবিহুৰ পিছৰ প্ৰথমটো বৃহস্পতি,শুক্ৰ আৰু শনিবাৰে অনুষ্ঠিত হয় এই জোনবিল মেলা।এই মেলাৰে শুক্ৰবাৰৰ পুৱতি নিশা পাহাৰৰ পৰা নামি অহা মামা মামী আৰু ভৈয়ামৰ লোক সকলৰ লগত বিনিময় প্ৰথাৰ মাধ্যমেৰে মৰম আদান-প্রদান কৰা হয়।এই মেলাৰ ঔদ্যোক্তা গোভা ৰাজ্যৰ ৰজা দীপচিং দেওৰজা আৰু গোভা দেওৰজা জোনবিল মেলা উন্নয়ন সমিতি।বিশেষকৈ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে গোভা ৰাজ্যৰ ৰজাৰ লগতে তিৱা ৰজাসকল,অসমৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা ,সদৌ অসম ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা ,মন্ত্ৰী পীযুঁজ হাজৰিকা ,ডাঃ ৰানোজ পেগু ,মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ,সাংসদ গৌৰৱ গগৈ আৰু বহু গণ্য মান্য ব্যক্তি।মৰিগাঁও জিলা প্ৰশাসনৰ ত্বতাবধানত সুন্দৰ ভাৱে অনুষ্ঠানটি সমাপ্ত হয়।
