অনুৰ্দ্ধ-১৯ বিশ্বকাপত পঞ্চম বাৰলৈ খিতাপ জয় ভাৰতৰ

764

অনুৰ্দ্ধ-১৯ বিশ্বকাপৰ ফাইনেলত ইংলেণ্ডক ৪ উইকেটত পৰাজিত কৰি বিশ্ব চেম্পিয়ন হ’ল ভাৰত।
শনিবাৰে এন্টিগুৱাত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ইংলেণ্ড দলটোৱে। ইনিংছৰ আৰম্ভণিতেই পেচাৰ ৰবি কুমাৰে অধিনায়ক টম পেষ্টসহ দুগৰাকী ইংলেণ্ড বেটাৰক পেভলিয়নলৈ ওভতাই পঠিয়ায়।

আনটো দিশেৰে আন এগৰাকী পেচাৰ ৰাজ বাওয়াইও সমানে আঘাত হানে। দুই ভাৰতীয় পেচাৰৰ দমনীয় প্ৰদৰ্শনত ইংলেণ্ডৰ যুৱ দলটো থৰকবৰক হৈ পৰে। এটা সময়ত ইংলেণ্ডৰ স্ক’ৰ হয়গৈ ৭উইকেটত মাত্ৰ ৯১ৰাণ।

কিন্তু অষ্টম উইকেটৰ যুটীত জেমছ ৰিউ আৰু জেমছ ছেলছে খেলৰ গতি কিছু সলনি কৰি দিয়ে। অৱশেষত ৪৪.৫ অভাৰত ইংলেণ্ডৰ দলটো ১৮৯ৰাণত অল আউট হৈ যায়।

লগতে পঢ়ক: স্বাস্থ্যৰ অৱনতি! পুনৰ ভেন্টিলেশ্যনলৈ নিয়া হৈছে কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰক

ইংলেণ্ডৰ হৈ জেমছ ৰিউৱে ৯৫ৰাণ কৰে। ভাৰতৰ ৰাজ বাওয়াই মাত্ৰ ৩১ৰাণ দি ৫টা উইকেট দখল কৰে। ৰবি কুমাৰে দখল কৰে ৪টা উইকেট।

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি ভাৰতৰ আৰম্ভণিটোও সন্তোষজনক নহ’ল। অপেনাৰ অংগৰিশ শূন্য ৰাণত আউট হোৱাৰ পাছত অধিনায়ক যশ ধূল আৰু হাৰ্ণুৰ সিঙো ক্ৰমে ১৭ আৰু ২১ৰাণ কৰি আউট হয়।

ইয়াৰ পাছতে ভাৰতৰ ইনিংছ আগবঢ়াই নিয়ে সাইক ৰছিদ, নিশান্ত সাধু আৰু ৰাজ বাওয়াই। ৰছিদে অৰ্দ্ধ শতক কৰে। বলিঙত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা ৰাজ বাওয়াই বেটিঙতো অনবদ্য ৩৫ৰাণৰ বৰঙণি যোগায়।

কিন্তু ভাৰতক বিজয়ৰ পথলৈ লৈ গৈ নায়কত পৰিণত হয় নিশান্ত সিন্ধু। নিশান্তে অপৰাজিত ৫০ ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে।

ভাৰতে এইবাৰকে ধৰি মুঠ পাঁচবাৰ অনুৰ্দ্ধ-১৯ বিশ্বকাপৰ চেম্পিয়নৰ খিতাপ জিকিলে। অন্তিম চাৰিখন বিশ্বকাপতেই ভাৰতে ফাইনেল খেলিছে। শেষবাৰ ২০১৮ চনত শুভমন গীলৰ নেতৃত্বৰ ভাৰতীয় দলটো চেম্পিয়ন হৈছিল। এইবাৰ যশ ধূলৰ নেতৃত্বৰ পুনৰ লিখা হ’ল ইতিহাস।

(NeNow Input)