অনিৰ্দিষ্টকাললৈ বন্ধ ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান

83

ৰাজ্যত কৰ’নাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ অনিৰ্দিষ্টকাললৈ ৰাজ্যৰ সকলো চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে, অসমত প্ৰতিদিনেই বৃদ্ধি পাবলৈ লৈছে কৰ’নাত আক্ৰান্তৰ সংখ্যা। মৃত্যুৰ সংখ্যাও পূৰ্বতকৈ বৃদ্ধি হৈছে। সমান্তৰালভাৱে প্ৰতিদিনে হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈ আছে কৰ’নাত।

মঙলবাৰৰ দিনটোত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ৪,৪৭৫জন লোক। সেইদৰে আক্ৰান্তৰ হাৰ হৈছে ৮.১৪ শতাংশ। কেৱল কামৰূপ মহানগৰীতে মঙলবাৰে ১৪১৭জন লোকৰ শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰিছে।

বিগত ২৪ ঘণ্টাত কৰ’নাৰ বাবে অসমত প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৪১জন লোকে। গতিকে এনে ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে।