অনন্তনাগত নিৰাপত্তাৰক্ষীৰ অভিযানত সন্ত্ৰাসবাদী নিহত

82

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ অনন্তনাগৰ লাৰণো এলেকাত শনিবাৰে পুৱাৰ পৰা আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ যুটীয়া অভিযানত এজন সন্ত্ৰাসবাদী নিহত হয়।

জানিব পৰা মতে, অঞ্চলটোত সন্ত্ৰাসবাদীৰ আত্মগোপনৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে যৌথভাৱে অভিযান চলাইছিল। এই অভিযানকালত সন্ত্ৰাসবাদীৰ দলটোৱে নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰাত দুয়োপক্ষৰ মাজত প্ৰচণ্ড সংঘৰ্ষৰ সৃষ্টি হয়। যাৰ পৰিণতিত এজন সন্ত্ৰাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদীজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। আনহাতে এটা একে-৪৭ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।