অধ্যাদেশ আৰু ভূমি আইন, ২০১৫ বাতিল কৰি কৃষকৰ অধিকাৰ সুৰক্ষিত কৰক- কা’ বিৰোধী সমন্বয় সমিতি, গুৱাহাটী, অসম

87

ষ্টাফৰিপৰ্টাৰ,
ভূমিৰ পুনৰ বিন্যাস কৰি ৰাজ্যখনৰ প্ৰকৃত নাগৰিকৰ ভূমি অধিকাৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰা অধ্যাদেশখন প্ৰচাৰ মাধ্যমত আৰু জনগণৰ বিৰোধিতাৰ বাবে উদ্যোগমন্ত্ৰীয়ে অধ্যাদেশখন সংশোধন কৰা হৈছে বুলি বিৰোধ নিবৃত্তি কৰিব বিচৰা এক বিবৃতি দিছে কিন্তু কা বিৰোধী সমন্বয় সমিতি, দুঃখিত যে তেওঁৰ বক্তব্যত আমি পতিয়ন যাব পৰা নাই – এইদৰে কয় ‘কা’ বিৰোধী সমন্বয় সমিতি, গুৱাহাটী, অসমৰ সভাপতি
ডঃ হীৰেন গোহাঁই আৰু সম্পাদক দেবেন তামুলীয়ে। মঙলবাৰে
সংবাদ মাধ্যমক সমিতিৰ সভাপতি ডঃ হীৰেন গোহাঁই আৰু সম্পাদক দেবেন তামুলীয়ে লগতে কয়’
তেওঁ মূলতঃ ক’ব বিচাৰিছে যে বাণিজ্যিক বা ঔদ্যোগিকখণ্ডত ব্যৱহাৰ বাবে কৃষি ভূমি আবণ্টন কৰিলে ৰাজ্যেত প্ৰযোজ্য হৈ থকা ভূমি আইন কানুনৰ জৰিয়তে কৰা হ’ব । কিন্তু যি অৰাজকতা আৰু অনিয়মৰ মাজেৰে বৰ্তমানৰ চৰকাৰে আইন কানুন কাৰ্যকৰী কৰে, তালৈ লক্ষ্য কৰি ৰাইজৰ ভূমি সুৰক্ষিত হৈ থাকিব বুলি আমি আশাবাদী নহয় ।
উদাহৰণস্বৰূপে ভূমি পুনৰ বিন্যাস সম্পৰ্কীয় আইন যি অসম গেজেটত ছেপ্টেম্বৰ ৩০,২০১৫ত প্ৰকাশ পাইছিল, সেই আইনৰ দফাসমূহে মুনাফাকাৰীক অবাধ আৰু অনৈতিকভাবে ভূমি হস্তান্তৰ কৰাৰ বাবে বহু সুৰুঙা প্ৰদান কৰিছে। আইনখনলৈ গভীৰ ভাৱে লক্ষ্য কৰিলে দেখা যায় যে পূৰ্বৰ কোনো অনুমতি নোহোৱাকৈ কৃষি ভূমিক অবৈধভাৱে বাণিজ্যিক ব্যৱহাৰৰ বাবে উৎসাহিত কৰে। এই ভয়ানক আইনখন আৰু অধ্যাদেশ দুয়োখন বাতিল কৰি স্থানীয় খাটি-খোৱা ৰাইজৰ স্বাৰ্থ ৰখা কৰাৰ দাবী জনালোঁ । আমি কৃষকৰ কৃষি, ভেটি আৰু বাৰী মাটিৰ অধিকাৰ, বান গৰাখহনীয়াত গৃহহীন আৰু মাটিহীন হোৱা সকলোকে সকলো মাটি হীনলৈ মাটি, পট্টাহীনক পট্টা প্ৰদান কৰাৰ নীতিৰে নতুন ভূমি নীতি প্ৰণয়নৰ দাবী উত্থাপন কৰিলোঁ ।
ইয়াৰ লগতে আমি ৰাজ্যখনৰ সকলো কৃষক সংগঠনক ভূমি আৰু ভূমি অধিকাৰ সংৰক্ষিত কৰা বাবে সমগ্ৰ অসমতে স্থানীয় পৰ্যায়ত কমিটি গঠন কৰাৰ বাবে আহ্বান জনাইছোঁ ।’