অতি সঙ্কতজনক প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য…

51

গুৱাহাটী:- সঙ্কতজনক ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ ৰাজনীতিবিদ তৰুণ গগৈৰ স্বাস্থ্য। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত গগৈক এতিয়া কৃত্ৰিমভাৱে শ্বাস প্ৰশ্বাস প্ৰদান কৰা হৈছে। হঠাৎ সঙ্কতজনক হৈ পৰা তৰুণ গগৈক চিকিৎসকে চিকিৎসা চলাই আছে যদিও আগন্তুক ৪৮ ঘণ্টা তেওঁৰ স্বাস্থ্য অতি সঙ্কতজনক বুলি জানিব পৰা হৈছে।

উল্লেখ যে, যোৱা ২৬ আগষ্টত কোৰোনাত আক্ৰান্ত হৈছিল তৰুণ গগৈ। দীৰ্ঘদিন ধৰি হাস্পতালতে চিকিৎসাধীন হৈ থকাৰ অন্তত তেওঁ ঘৰলৈ উভটিছিল যদিও হঠাৎ পুনৰ অসুস্থ হৈ পৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী অসুস্থ হৈ পৰাত তেওঁৰ গুণমুগ্ধ সকলে এতিয়া প্রার্থনা জনাই আশু আৰোগ্য কামনা কৰিছে।