অজন্তা নেওগে বিশ্বাস ঘাটকতা কৰিছে কংগ্ৰেছক!

96

ডিজিটেল ডেস্ক: জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী অজন্তা নেওগৰ বিজেপি গমন নিশ্চিত হোৱাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যিক কংগ্ৰেছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই শনিবাৰে অজন্তা নেওগ বিজেপি মুখী হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

অজন্তা নেওগে স্বামীৰ আদৰ্শ বিসৰ্জন দি কংগ্ৰেছক বিশ্বাস ঘাটকতা কৰা বুলি মন্তব্য কৰি ৰিপুন বৰাই কয় যে কংগ্ৰেছৰ পৰা ১০ গৰাকী অজন্তা নেওগ আঁতৰি গলেও দলৰ একো ক্ষতি নহয়। ২০২১ৰ নিৰ্বাচনত দল এৰি যোৱা সকলে কংগ্ৰেছৰ বিজয়ত একো প্ৰভাৱ নেপেলায় বুলিও মন্তব্য কৰে ৰিপুন বৰাই।

উল্লেখ্য যে, অজন্তা নেওগৰ বিজেপিমুখী হোৱাক লৈ চৰ্চা চলি থকাৰ মাজতে বৃহস্পতিবাৰে নিশা মুখ্যমন্ত্ৰী সোনোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। তাৰ পিছতে যেন অজন্তা নেওগে বিজেপিত যোগ দিয়াটো নিশ্চিত হৈ পৰিছিল। ইফালে নেওগৰ উপৰিও কংগ্ৰেছৰ দুগৰাকী বিধায়ক আৰু এগৰাকী প্ৰাক্তন বিধায়কেও বিজেপিত যোগ দিব বুলি বিজেপিৰ এক সূত্ৰই প্ৰকাশ কৰিছে।