মহিলা সংগঠন “অগ্ৰণী মহিলা মঞ্চ”ই বৰ্তমানৰ সমগ্ৰ পৃথিৱীৰ এটা অতি গুৰুতৰ সমস্যা, পৰিবেশ দূষিতকৰণৰ প্ৰতিৰোধৰ বাবে বিশ্ব জুৰি পালন কৰা “পৰিবেশ দিৱস” কেন্দ্ৰীয়ভাৱে গুৱাহাটীত উদযাপন কৰে । এই দিৱসটি অসমৰ এগৰাকী আগশাৰীৰ মহিলা সাংবাদিক, বুদ্ধিজীৱী আৰু পৰিৱেশ কৰ্মী তথা “অগ্ৰণী মহিলা মঞ্চ”ৰ উপদেষ্টা অনুৰাধা শৰ্মা পূজাৰীয়ে গছপুলি ৰোপণৰ দ্বাৰা শুভ উদ্বোধন কৰা হয়। এই অনুষ্ঠানত ভাস্কৰ বিদ্যাপীঠ হাইস্কুলৰ অধ্যক্ষৰ উপৰিও মঞ্চৰ উপদেষ্টা মিৰ্জা বৰা, সভাপতি জেনিফাৰ হুছেইন, সাধাৰণ সম্পাদক অধিবক্তা কৃষ্ণা শৰ্মা, সহকাৰী সম্পাদক বন্তি কোৱঁৰ, মিতালি বৰদলৈ, কোষাধ্যক্ষ জ্যোতি চমুৱা, জোনালী বুঢ়াগোহাঁই, মীনাক্ষী, বৰ্ণালী শৰ্মা, ফাইজুল হুছেইন, বিনীতা কাকতি, অজয় তালুকদাৰকে আদিৰ লগতে কেইবা গৰাকীও পৰিবেশ কৰ্মী উপস্থিত থাকে। এই কেন্দ্ৰীয় কাৰ্যসূচী গুৱাহাটীৰ জু-ৰোডৰ ভাস্কৰ বিদ্যাপীঠ বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়। কেন্দ্ৰীয় কাৰ্যসূচীৰ লগত সঙ্গতি ৰাখি বেলতলাৰ কৃষ্ণপুৰৰ মৈদমগাওঁ বিদ্যাপীঠ আৰু ছয়গাঁৱৰ বকোতো বৃক্ষৰোপণৰ বৃহৎ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ইয়াৰ লগতে মঞ্চৰ তৰফৰ পৰা গুৱাহাটী আৰু বকোৰ কাৰ্যসূচীত বিভিন্ন অনুষ্ঠান আৰু ব্যক্তিগত গৃহলৈয়ো গছ পুলি বিতৰণ কৰা হয় ।
এপাচি শাকত এটা জালুকৰ দৰে সামান্যতম এই প্ৰচেষ্টাৰ যোগেদি পৰিবেশ আৰু পাৰিপাৰ্শ্বিকতা সুৰক্ষাৰ অবিৰত যাত্ৰা এই দিৱসটিৰ পৰা অগ্ৰণী মহিলা মঞ্চই আৰম্ভণি কৰে । ভৱিষ্যতে আমাৰ মঞ্চই বিভিন্ন কাৰ্যসূচীৰ যোগেদি এই সমস্যাৰ নিবাৰণৰ বাবে ৰাজ্যিক, ৰাষ্ট্ৰীয় ও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সজাগতাৰ লগতে সক্ৰিয়ভাৱে স্থায়ী আচঁনি ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছে। প্ৰত্যেক গৰাকী ব্যক্তিৰ লগত ওতঃপ্ৰোতঃ ভাৱে সম্পৰ্ক থকা এই বিষয়টোৰ সমাধানকল্পে সহাঁৰি বিচাৰি ৰাইজৰ ওচৰলৈ যাব অগ্ৰণী মহিলা মঞ্চ”ই।