অখিল গগৈৰ ন্যায়িক যুঁজৰ বাবে ২ লাখ টকা মানস ৰবীনৰ

92

ডিজিটেল ডেস্কঃ ‘কা’ৰ বিৰুদ্ধে আন্দোলন কৰি কাৰাবন্দী হ’বলগীয়া হোৱা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ত যুঁজ দিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ কিছুদিন পূৰ্বে এই কথা সদৰি কৰি কৃষক নেতাগৰাকীৰ আইনী যুঁজৰ বাবে ধনৰ অভাৱ হোৱাৰ কথা প্ৰকাশ কৰিছিল সংগঠনটোৱে৷ সংগঠনটোৰ নেতৃত্বই এটা বেংক একাউণ্ট নম্বৰ দি উচ্চতম ন্যায়ালয়ত কৃষক নেতাগৰাকীৰ আইনী যুঁজৰ বাবে দান-বৰঙণি আগবঢ়াবলৈ আহ্বান কৰিছিল ৰাজ্য বাসীক৷ তাৰ পিছতে বহু অসমীয়াই অখিল গগৈৰ মুক্তিৰ বাবে সাধ্য অনুযায়ী আগবঢ়াই আহিছে৷

শেহতীয়াকৈ এইবাৰ কৃষক নেতা অখিল গগৈৰ আইনী যুঁজৰ বাবে সহায় আগবঢ়াইছে শিল্পী মানস ৰবীনে৷ নিজেও ‘কা’ আন্দোলনত আগভাগ লোৱা শিল্পীগৰাকীয়ে সোমবাৰে ন্যায়ালয়ৰ যুঁজৰ বাবে ২লাখ টকা আগবঢ়ায়৷ মানস ৰবীনে লগতে অসমীয়াৰ হৈ মাত মাতি কাৰাবন্দী হোৱা অখিল গগৈক মোকলাই অনাৰ দায়িত্ব ৰাজ্যবাসীক গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

শিল্পী মানস ৰবীনে ফেচবুকত লিখিছে- ‘অখিল গগৈৰ হৈ ন্যায়ালয়ত যুঁজ দিবলৈ মই মোৰ ফালৰ পৰা আজি দুই লাখ টকা আগবঢ়ালোঁ। ৰাইজৰ হৈ মাত মাতি বন্দী জীৱন কটোৱা মানুহজনক মোকলাই অনাৰ দায়িত্বও ৰাইজেই ল’ব লাগিব। ৰাইজে নিজৰ দায়িত্বলৈ পিঠি দিলে নেতা নিজক লৈ ব্যস্ত হোৱাটো স্বাভাৱিক। অখিল গগৈক ৰাইজৰ পক্ষত ৰাখিবলৈকে ৰাইজে টঙালি বান্ধক। কথাতে কয় নহয় বোলে ৰাইজে নখ জোকাৰিলে নৈ বয়… কৃষক মুক্তিৰ ৰাজহুৱা আহ্বানলৈ সঁহাৰি জনাওক আৰু যিয়ে যেনেকৈ পাৰে অনুদান আগবঢ়াওক। জয় আই অসম ৷’