অখিল গগৈঃ ৰাইজৰ বিশ্বাসক জীয়াই ৰখাৰ দায়িত্ব আপোনাৰ

300

‘মোক ছাৰ বুলি নামাতিব। অখিল বুলি মাতক, দাদা বুলি মাতক, লাগিলে যি বুলি মাতিব বিচাৰে সেই বুলিয়েই মাতক। কিন্তু ছাৰ বুলি নামাতিব।’

এয়া অখিল গগৈ। এক সংগ্ৰামী সত্বাই তেওঁৰ প্ৰকৃত পৰিচয়। বৰ্তমান তেওঁৰ আন এটা পৰিচয় হৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক। ডেৰ বছৰীয়া কাৰাগাৰৰ জীৱন পাৰ কৰি যেতিয়া তেওঁ শিৱসাগৰ সমষ্টিত উপস্থিত হৈছিল, তেতিয়াই তেওঁ সমষ্টিবাসীক অনুৰোধ কৰিছিল- ‘মোক ছাৰ বুলি নামাতিব…।’

অসম আৰু আৰু অসমীয়াৰ সকলো ৰাজনৈতিক-অৰাজনৈতিক বিপদৰ সময়তে ৰাইজৰ কাষত থিয় হোৱা মানুহ অখিল গগৈ। লাগিলে সেয়া কাজিৰঙাৰ উচ্ছেদ অভিযানৰ সময়তে হওক বা বৃহৎ নদীবান্দ নিৰ্মাণৰ বিৰোধিতাৰেই কৰা প্ৰতিবাদ হওঁক। প্ৰতি পল সাধাৰণ জনতাৰ কাষত থকা মানুহজনক সেয়ে মানুহেও যথেষ্ট ভাল পায়।

‘কা’ আন্দোলন কৰি চৰকাৰৰ ৰোষত পৰিছিল তেওঁ। এক দীঘলীয়া সময় তেওঁ বন্দ্বীত্বৰ জীৱন পাৰ কৰিবলগা হৈছিল। আইনৰ সুৰুঙাৰে সৰকি বহু নামী-দামী নেতা-ব্যৱসায়ী আজি মুকলি আকাশৰ তলত স্বচন্দ জীৱন পাৰ কৰিছে। পিছে অখিল গগৈৰ বাবে সেয়া সম্ভৱ নাছিল। কেতিয়াও ৰুদ্ধ নোহোৱা এটা কণ্ঠক স্তব্ধ কৰাৰ যি ষড়যন্ত্ৰ চলিছিল, তাৰেই পৰিণাম তেওঁৰ ডেৰ বছৰীয়া কাৰাবন্দ্বিত্ব।

কিন্তু অৱশেষত ন্যায় ব্যৱস্থাৰ ওচৰত ৰাষ্ট্ৰশক্তি হাৰ মানিলে। অখিল গগৈক দোষমুক্ত ঘোষণা কৰি আদালতে প্ৰশস্ত কৰিলে মুক্তিৰ বাট। যোৱা পহিলা জুলাইত তেওঁ উভতি আহিল পুনৰ এবাৰ মানুহৰ মাজলৈ।

কাৰোবাৰ বাবে নিজৰ সন্তানৰ দৰে অখিল গগৈ, কাৰোবাৰ বাবে নিজৰ ভাতৃ তেওঁ। মুঠতে মুক-বধিৰ জনতাৰ তেওঁ কণ্ঠ। সেয়ে ৰাইজে তেওঁক ভাল পায়। শত্ৰুও আছে, কিন্তু ভালপোৱা মানুহৰ সংখ্যা অধিক হ’লে কি কৰিব পাৰে শত্ৰুৱে?

কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত অখিল গগৈয়ে লাভ কৰা মৰমৰ প্ৰমাণে এতিয়া আৱেগিক কৰিছে সকলোকে। যিদিনা তেওঁ গুৱাহাটীৰ পৰা শিৱসাগৰত উপস্থিত হৈছিল, সিদিনাও হাজাৰ হাজাৰ লোকে তেওঁৰ আদৰিবলৈ ভিৰ কৰিছিল। পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছিল যে কোভিড প্ৰট’কল মানি চলিবলৈ ৰাইজক লাউড স্পীকাৰ লগাই আহ্বান জনাবলগা হৈছিল জিলা প্ৰশাসনে।

ৰাজপথত অখিল গগৈ যাত্ৰা কৰা বাহনতে গামোচা আঁৰি মৰম প্ৰদৰ্শন কৰিছিল অগণন জনতাই। আনবোৰ নেতা-মন্ত্ৰীৰ দৰে ধনৰ বলেৰে মানুহ তেওঁ গোট খুওৱা নাছিল। সেই মৰম আছিল স্বতঃস্ফূৰ্ত। যেন পৰিয়ালৰ সদস্য জনক ইমান দিনৰ মূৰকত উভতাই পাই সকলোৱে স্বস্তিৰ নিশ্বাস এৰিছে।

কিন্তু মৰম আৰু বিশ্বাস যিমানেই বেছি হয়, সিমানেই বাঢ়ে দায়িত্বৰ বোজাও। অখিল গগৈয়ে এতিয়া সেই কথা উপলব্ধি কৰিব লাগিব। এফালে দমন মূলক নীতিৰে চৰকাৰ, আনফালে তেওঁ অকলে। গতিকে প্ৰতিটো খোজত তেওঁ যে বাৰাম্বাৰ বাধাৰ সন্মুখীন হব, তাত সন্দেহ নাই। কিন্তু জনতাৰ কথা চিন্তা কৰা মানুহজনে সকলো বাধাক পাৰ কৰি বিশ্বাস আৰু আস্থাৰ দুৱাৰদলিত নিজকে থিয় কৰাবই লাগিব। অন্যথা আজিৰ মৰম, কাইলৈ ঘৃণালৈ সলনি হ’বলৈ বাৰু কিমান পৰ লাগিব?