অক্সিজেনৰ অভাৱত পুনৰ ৭ গৰাকী কোভিড ৰোগীৰ মৃত্যু

73

পুনৰ অক্সিজেনৰ অভাৱত প্ৰাণ গল ৭ জনকৈ কোভিড আক্ৰান্ত ৰোগীৰ। দেশত প্ৰতিনিয়ত বৃদ্ধি পাইছে কোভিড সংক্ৰমিত ৰোগীৰ সংখ্যা। কিন্তু সেই অনুপাতে বিভিন্ন প্ৰান্তৰ হাস্পতাল সমূহত নাই পৰ্যাপ্ত অক্সিজেন। যাৰ বাবে অকাল মৃত্যুক সাৱটি লবলগীয়া হৈছে বহু কোভিড ৰোগীয়ে। হায়দৰাবাদতো অক্সিজেনৰ চিলিণ্ডাৰ কঢ়িওৱা বাহন হাস্পতালত উপস্থিত হোৱাত পলম হোৱা বাবেই শেষ নিশা মৃত্যুক সাৱটিব লগীয়া হল কিং কোটি হাস্পতালৰ ৭ গৰাকীকৈ কোভিড আক্ৰান্ত ৰোগীয়ে।

হাস্পতাল কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, দেওবাৰে বিয়লিৰ ভাগতে হাস্পতালখনত অক্সিজেনৰ অভাৱ ঘটিছিল। যাৰ বাবে অক্সিজেনৰ চিলিণ্ডাৰ হাস্পতালখনলৈ প্ৰেৰণো কৰা হৈছিল। কিন্তু যিখন বাহনত অক্সিজেন চিলিণ্ডিৰ কঢ়িওৱা হৈছিল, সেই বাহনখনে পথ ভুল কৰাত হাস্পতালত উপস্থিত হোৱাত বহু পলম হয় আৰু যেতিয়ালৈকে অক্সিজেনৰ চিলিণ্ডাৰ হাস্পতাললৈ অনা হয়, তেতিয়ালৈকে ৭ গৰাকী কোভিড ৰোগীয়ে প্ৰাণ হেৰুৱায়।