অইলৰ SUPER30ত উজ্বলিছে ৰূপকোঁ‌ৱৰ একাডেমীৰ চাৰিগৰাকী শিক্ষাৰ্থী

143

পৱন নীল কাশ্যপ, চাংসাৰিঃ জন্মলগ্নৰে পৰা শৈক্ষিক ক্ষেত্ৰত ফলাফলৰ দিশত সদায়েই কামৰূপ জিলাৰ ভিতৰতে শ্ৰেষ্ঠতাৰ খিতাপ দখল কৰি আহিছে চাংসাৰিস্থিত ৰূপকোঁ‌ৱৰ একাডেমীয়ে। কলা শাখাত ৰাজ্যৰ ভিতৰত নৱম স্থান লাভ কৰিবলৈও সক্ষম হোৱা ৰূপকোঁ‌ৱৰ একাডেমীৰ পৰা এইবেলি প্ৰথমবাৰৰ বাবে বিজ্ঞান শাখাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব পৰীক্ষাত। তাৰ প্ৰাকক্ষণ Indian oilৰ super30ৰ পৰীক্ষাত চাৰিজনকৈ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ প্ৰস্তুতি চলাইছে মৌখিক পৰীক্ষাৰ বাবে।

উক্ত খবৰে কলা আৰু বাণিজ্য শাখাত শীৰ্ষস্থানত থকা ৰূপকোঁ‌ৱৰ একাডেমীয়ে যে বিজ্ঞান শাখাতো আধিপত্য স্থাপন কৰিব সেয়া নিশ্চিত কৰাৰ উৎফুল্লিত হৈ পৰিছে অধ্যক্ষ শ্বেখ আব্দুল ফিৰোজ, হেল্প টু হেল্প গ্ৰুপৰ তৰণী ডেকাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী,অভিভাৱক, ছাত্ৰ-ছাত্ৰীৰ লগতে শুভাকাংক্ষীসকল।